দক্ষিণ শালমাৰা : মঙলবাৰে ঘোষণা কৰা হয় হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। হাটশিঙিমাৰীৰ মুঠ ৬ খনকৈ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত উত্তীৰ্ণ হাৰ ১০০ শতাংশ হোৱাত অঞ্চলটোলৈ বিদ্যালয়কেইখনে গৌৰৱ কঢ়িয়াই আনিছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৫৮.২৫ শতাংশ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত ৰেইনবো ইংলিছ একাডেমীত এইবাৰ মুঠ ৬৫ জন শিক্ষাৰ্থীৰ ভিতৰত ৫০ জন প্ৰথম বিভাগ আৰু ১৫ জন দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। একাডেমীখনৰ পৰা ২৪ জনে ডিষ্টিংচন আৰু ১০ জনে ষ্টাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত একাডেমীখনত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ। একেদৰে বিদ্যালয়খনৰ নিটকবৰ্তী সাৰ্বজনীন জাতীয় বিদ্যালয়তো যোৱা কেবাবছৰৰ পৰা ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হাৰ অক্ষুণ্ণ ৰাখিছে।

এইবাৰ বিদ্যালয়খনৰ পৰা মুঠ ৯৩ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বিদ্যালয়খনৰ পৰা ৮০ জনে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৩ জন। ইয়াৰে ১৬ জনে ডিষ্টিংচন নম্বৰ লাভ কৰাৰ লগতে ১৭ জন শিক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে নামনি অসম জাতীয় বিদ্যালতো এইবাৰ পুনৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ।

বিদ্যালয়খনত মুঠ ৭৬ গৰাকী শিক্ষাৰ্থী পৰীক্ষা অৱতীৰ্ণ হৈছিল। তাৰে ২৭ জন প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ৪২ জনে দ্বিতীয় বিভাগ আৰু ১ জন তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। বিদ্যালয়খনৰ পৰা ২ জন ডিষ্টিংচন আৰু ৪ জনে ষ্টাৰ নম্বৰ লাভ কৰিছে। তদুপৰি শংকৰ আজান জাতীয় বিদ্যালয়তো ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বিদ্যালয়খনৰ পৰা মুঠ ২০ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১১ জনে প্ৰথম বিভাগ আৰু ৮ জন দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ১ জন তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।

বিদ্যালয়খনৰ পৰা দুজনে ডিষ্টিংচন আৰু ১ জনে ষ্টাৰ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। হাটশিঙিমাৰী ইলিগেণ্ট একাডেমীৰ পৰাও ১৯ জন পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১৬ জনে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ৩ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। ইয়াৰে ১ জন ডিষ্টিংচন নম্বৰ পোৱাৰ লগতে ৩ জনে ষ্টাৰ নম্বৰ লাভ কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী মানুল্ল্যাপাৰা পাব্লিক জাতীয় বিদ্যালয়খনৰ পৰা প্ৰথমবাৰৰ বাবে এইবাৰ ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ৪১ জন শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথম বিভাগত ১৪ জন উত্তীৰ্ণ হোৱাৰ লগতে দ্বিতীয় বিভাগত ২৬ জন আৰু তৃতীয় বিভাগত ১ জন শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বিদ্যালয় খনৰ পৰা ৩ জনে ষ্টাৰ নম্বৰ লাভ কৰিছে।

উল্লেখ্য যে এইবাৰ জিলাখনৰ পৰা মুঠ ৪০৪১ জন শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ২৩৫৪ জন উত্তীৰ্ণ হোৱাত জিলা খনত উত্তীৰ্ণৰ হাৰ ৫৮.২৫ শতাংশ হয়। জিলাখনত মুঠ ৭৮৮ জন প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ১৩৩৯ জন দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। আনহাতে ২২৭ জন তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে বুলি জানিব পৰা গৈছে।