জোনমণি বেগম

বিশ্বনাথ : হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে চৰ্চা লাভ কৰিছে বিশ্বনাথৰ এগৰাকী মহিলাই। ৪৫ বছৰ বয়সত হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ মহিলা গৰাকীয়ে দিলে এক যোগাত্মক বাৰ্তা।

শিক্ষা গ্ৰহণৰ কোনো বয়স নাই, নাই কোনো সীমা। মনত প্ৰবল ইচ্ছা শক্তি থাকিলে শিক্ষাৰ ক্ষেত্ৰত বয়স কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। এই কথাকে যেন প্ৰতিপন্ন কৰিলে বিশ্বনাথৰ এগৰাকী ৪৫ বছৰীয়া মহিলাই। ৪৫ বছৰ বয়সত হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সমাজলৈ এক যোগাত্মক বাৰ্তা কঢ়িয়াবলৈ সক্ষম হৈছে বিশ্বনাথৰ এগৰাকী মহিলাই।

সুদীৰ্ঘ ২২ বছৰৰ পিছত মহিলা গৰাকী নিজৰ শিক্ষা জীৱনৰ প্ৰতি আগ্ৰহী হৈ হাই স্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হৈছিল। ৪৫ বছৰীয়া বুলবুলি খাতুনৰ ঘৰ বিশ্বনাথ ঘাটৰ গড়ভিতৰত। বিশ্বনাথৰ ফখৰুদ্দিন আলী আহমেদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হৈছিল বুলবুলি খাতুন।

হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ এতিয়া উচ্চ শিক্ষাৰ বাবে আগ্ৰহী বুলবুলি খাতুন নামৰ ৪৫ বছৰীয়া মহিলা গৰাকী। অৱশ্যে পেছাত বিশ্বনাথ ঘাটৰ ২ নং ভোলাকটা অংগনবাদী কেন্দ্ৰত কৰ্মী হিচাপে নিয়োজিত বুলবুলি খাতুন নিজৰ সন্তানক উচ্চ শিক্ষিত কৰাৰ বাবে পিতৃ-মাতৃ হিচাপে নিজৰ দায়িত্ব পালনৰ উপৰিও শিক্ষা জীৱনত আগুৱাই যোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে।