আব্দুল হক
নগৰবেৰা : হাই স্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্ভৰ্ধনা। ৮০ শতাংশ নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক যাবতীয় খৰচ বহন কৰি বিমানযোগে দিল্লী ভ্ৰমণৰ সুবিধা এখন বিদ্যালয়ৰ। বিদ্যালয়খনত বিজ্ঞান শাখা আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰম্ভ কৰাৰ সংকল্প।

কাছুমাৰাস্থিত হালিমন নেছা একাডেমিৰ সঞ্চালক প্ৰধান হবিবুৰ ৰহমানে মঙলবাৰে ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলকলৈ বিদ্যালয়খনত আয়োজন কৰে এক সম্ভৰ্ধনা অনুষ্ঠানৰ। দুজনকৈ ছাত্ৰই ডিষ্টিংশন, পাঁচজনকৈ ছাত্ৰই ষ্টাৰ নম্বৰসহ ১৭ গৰাকী ছাত্ৰ-ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণহৈ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে।

প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীক সঞ্চালক প্ৰধানে ফুলাম গামোচাৰে সম্ভৰ্ধনা জনায়৷ লগতে সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ৰাজ্যিক এনএছইউআইৰ উপ-সভাপতি আনোৱাৰ হুছেইনেও ফুলাম গামোচাৰে সম্ভৰ্ধনা জনায়। ছাত্ৰ-ছাত্ৰীক সম্ভৰ্ধনা জনেৱাৰ পূৰ্বে সঞ্চালক প্ৰধান, বিদ্যালয়ৰ অধ্যক্ষৰ লগতে অভিভাৱক সকলেকে সম্ভৰ্ধনা জনোৱা হয়।

বিদ্যালয়খনৰ সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে ৮০ শতাংশ প্ৰাপ্ত প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীক নিজ খৰচ বহন কৰি দিল্লীলৈ ভ্ৰমণ কৰাব। লগতে শীঘ্ৰেই বিদ্যালয়খনত বিজ্ঞান শাখাৰ সংযোগ আৰু এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আৰম্ভ কৰিব বুলি প্ৰকাশ কৰে।

এনএছইউআইৰ উপ-সভাপতি আনোৱাৰ হুছেইনে বিদ্যালয়খনৰ সঞ্চালক প্ৰধানৰ পদক্ষেপক আদৰণি জনায়। চৰাঞ্চল উচ্চ শিক্ষাৰ অনুষ্ঠান হালিমন নেছা একাডেমিৰ ফলাফলকলৈ সন্তোষ প্ৰকাশ কৰে স্থানীয় ৰাইজে। লগতে বিদ্যালয়খনৰ ভৱিষ্যত উজ্বল কামনা কৰে।