গুৱাহাটী : গুৱাহাটীত ‘১১ জুলাই’ নামেৰে এখন ৰেষ্টুৰেণ্ট মুকলি। গুৱাহাটীৰ কুমাৰপাৰাৰ এফ এ পথত অৱস্থিত শিৱানী আর্কেডত সোমবাৰে ‘১১ জুলাই’ নামৰ এখন ফাইন ডাইন ৰেষ্টুৰেণ্ট মুকলি কৰা হয়। সমাজকৰ্মী ৰাজকুমাৰ বিমলা দেৱী চৌধুৰীয়ে মুকলি কৰে এই ৰেষ্টুৰেণ্টখন।

ৰেষ্টুৰেন্টখনৰ মুকলি অনুষ্ঠানত ৰেষ্টুৰেণ্টখনৰ প্রতিষ্ঠাপক তথা উদ্যোগী কৃষ্ণ চৌধুৰী আৰু সহঃপ্রতিষ্ঠাপক কাজল শেঠীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নতুন ৰেষ্টুৰেণ্টখন মুকলি সন্দৰ্ভত মহিলা উদ্যোগী কাজল শেঠীয়াই কয় যে ইয়াত একেবাৰতে ৮০ গৰাকী গ্ৰাহক বহাৰ ব্যৱস্থা আছে। য’ত দক্ষিণ ভাৰতীয়, চাইনিজ আৰু উত্তৰ ভাৰতীয় খাদ্যৰ লগতে অন্যান্য বিভিন্ন খাদ্যৰ জুতি ল’ব পাৰিব গ্ৰাহকে।

কাজল শেঠীয়াই লগতে কয় যে ‘১১ জুলাই’ নামৰ ৰেষ্টুৰেন্টখনৰ বিশেষত্ব হ’ল ফাইন ডাইনৰ বাহিৰেও ইয়াত ফাষ্টফুড এলেকা আছে, য’ত ৫০ গৰাকী লোক একেলগে বহি খাদ্যৰ সোৱাদ ল’ব পাৰিব। তদুপৰি শিৱানী আৰ্কেডৰ প্ৰথম মহলাত এটা হল আছে, য’ত জন্মদিন, বিবাহ বার্ষিকীৰ উপৰি অন্যান্য বিভিন্ন অনুষ্ঠান আয়োজন কৰিব পৰা যায়। ইয়াত ১৫০ গৰাকী লোক বহাৰ ব্যৱস্থা আছে।