মানকাচৰ : বাংলাদেশী চোৰ-ডকাইতৰ বাবে মুকলি হ’ব নেকি অসমত প্ৰৱেশ কৰাৰ পথ ? পুনৰ বাংলাদেশী চোৰ-ডকাইতৰ দলে অসমত প্ৰৱেশ কৰি তাণ্ডৱ চলোৱাৰ সুযোগ লাভ কৰিব নেকি ? ইয়াকে লৈ শংকিত হৈ পৰিছে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ৰাইজ। পুনৰ উজাগৰী নিশা কটাব লাগিব নেকি মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ৰাইজ ?

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল সমূত প্ৰায় ৩০ বছৰ পূৰ্বে বাংলাদেশী চোৰ-ডকাইতৰ দল প্ৰৱেশ কৰি সংঘটিত কৰিলে চুৰি আৰু ডকাইতিকাণ্ড। ৩০ বছৰ পূৰ্বে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নথকাৰ বাবেই সহজে বাংলাদেশী চোৰ-ডকাইতৰ দল মানকাচত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল।

ভাৰত-বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ কৰাৰ পিছত এই সমস্যা সমাধান হৈছিল আৰু মানকাচৰবাসী নিচিন্ত হৈ পৰিছিল। কিন্তু পুনৰ যেন মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজ বাংলাদেশী চোৰ-ডকাইতৰ ভয়ত উজাগৰী নিশা কটাব লগীয়া হ’ব পাৰে। ৩০ বছৰ পূৰ্বৰ সমস্যা আকৌ সমস্যাত পেলাব নেকি সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজক ? এই চিন্তাই টোপনি হৰিছে ৰাইজৰ।

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই সংকট কঢ়িয়াই আনিছে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ৰাইজলৈ। গৰাখহনীয়াৰ ফলত সীমান্ত পথ, কাঁইটীয়া তাঁৰৰ বেৰৰ প্ৰতি ভাবুকি আহি পৰাত শংকিত হৈ পৰিছে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ৰাইজ। বানৰ পিছতে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাত যিকোনো মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব পাৰে সীমান্ত সংযোগী পথৰ লগতে কাঁইটীয়া তাঁৰৰ বেৰ।

সীমান্ত সংযোগী পথ আৰু কাঁইটীয়া তাঁৰৰ বেৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গ’লেই উন্মুক্ত হৈ পৰিব ভাৰত-বাংলাদেশ সীমান্তত। প্ৰায় ৩০ বছৰ পূৰ্বে সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নথকা সময়ত বাংলাদেশী চোৰ-ডকাইতৰ দল প্ৰৱেশ কৰি চলাইছিল অত্যাচাৰ। কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ পিছত এই সমস্যাৰ সমাধান হৈছিল যদিও গৰাখহনীয়াৰ ফলত কাঁইটীয়া তাঁৰৰ বেৰ, সীমান্ত সংযোগী পথ উঠি গ’লে পুৰণি ঘটনাবোৰৰ পুনৰাবৃত্তি হ’ব বুলি শংকিত হৈ পৰিছে সীমান্তবৰ্তী ৰাইজ।