আজিজ আলী

নলবাৰী : নলবাৰীত ভয়ংকৰ পথ দুর্ঘটনা। নতুন মটৰ চাইকেল কিনি ঘৰলৈ গৈ থকা অৱস্থাত দুর্ঘটনা। থিতাতে নিহত এগৰাকী মহিলা, গুৰুত্বৰভাৱে আহত এজন যুৱক। আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ।

মঙলবাৰে নিশাৰ ভাগত নলবাৰীত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। নলবাৰীৰ সাহপুৰত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিততে নিহত হয় এগৰাকী মহিলা। নিহত মহিলা গৰাকীৰ নাম দীপিকা কলিতা বুলি জানিব পৰা গৈছে। নিয়ন্ত্ৰণ হেৰুৱাই এখন মটৰ চাইকেল দ খাৱৈত পৰাত মহিলা গৰাকী নিহত হয়।

এই ভয়ংকৰ পথ দুর্ঘটনাত কংকন কলিতা নামৰ এজন যুৱক গুৰুত্বৰভাৱে আহত হৈছে। নিহত দীপিকা কলিতা আৰু আহত কংকন কলিতা মাতৃ-পুত্ৰ। নতুন মটৰ চাইকেল কিনি মাতৃ-পুত্ৰ ঘৰলৈ গৈ থকা অৱস্থাত দুর্ঘটনাত পতিত হৈ মাতৃ থিতাতে নিহত হয়। আহত কংকন কলিতাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।