নিউজ ডেস্ক : এক ভয়ংকৰ বাছ(Bus Accident) দুর্ঘটনা। যাত্ৰীবাহী এখন বাছ খাৱৈত পৰাত ১২ জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেইবাজনো যাত্ৰী। বাছখনত আছিল পৰম্পৰাগত সংগীত শিল্পী দল। উদ্ধাৰ অভিযান অব্যাহত আছে।

শনিবাৰে পুৱাৰ ভাগতে সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুর্ঘটনা। এই ভয়ংকৰ বাছ দুর্ঘটনা বতৰ্মানলৈকে ১২ জনকৈ যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে আহত হৈছে ২৭ জনকৈ যাত্ৰী। এই ভয়ংকৰ বাছ দুর্ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুণেত। যাত্ৰীবাহী বাছখন পুৰণি পুণে পথত খাৱৈত বাগৰি পৰে।পুণেৰ খোপোলি থানাৰ অন্তৰ্গত শ্বিংৰোবা মন্দিৰৰ পিছফালে সংঘটিত হৈছে এই শোকাবহ বাছ দুৰ্ঘটনা।

ৰায়গড়ৰ খোপোলিৰ বাছখন খাৱৈত বাগৰি পৰাত বৰ্তমানলৈকে ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৭ জন লোক আহত হৈছে। আহত সকলৰ ভিতৰত কেইবাজনো লোকৰ অৱস্থা সংকটতজনক হোৱাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইফালে দুর্ঘটনাৰ খবৰ পাই দুর্ঘটনাস্থলীত আৰক্ষীৰ লগতে উদ্ধাৰকাৰীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আহত সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে যাত্ৰীবাহী বাছখনত পৰম্পৰাগত সংগীত শিল্পীৰ এটা দল আছিল। বাছখন পুণেৰ পৰা মুম্বাইলৈ গৈ থকা অৱস্থাত ৰাতিপুৱা প্ৰায় ৪:৫০ বজাত শ্বিংৰোবা মন্দিৰৰ সমীপৰ খাৱৈত বাগৰি পৰে।ৰায়গড় আৰক্ষী অধীক্ষক সোমনাথ ঘাৰ্গে জনোৱা মতে, আহত আৰু নিহতসকল মুম্বাইৰ ছিয়ন, গোৰেগাঁও আৰু চুবুৰীয়া পালঘৰ জিলাৰ ভিৰাৰৰ বাসিন্দা। তেওঁ জনোৱা মতে, আহতসকলক খোপোলি গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

বাছখনত প্ৰায় ৪০ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে মৃতক আৰু আহতসকলৰ বয়স ১৮ ৰ পৰা ২৫ বছৰৰ ভিতৰত। বৰ্তমান স্থানীয় আৰক্ষীৰ এটা দল আৰু ট্ৰেকাৰৰ এটা দলে উদ্ধাৰ অভিযান চলাই আছে। এই ভয়ংকৰ বাছ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে। মৃতকৰ লগতে তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি মৃতকৰ আত্মীয়ক ৫ লাখ টকাকৈ সাহাৰ্য্য প্ৰদানৰ ঘোষণাও কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে।