নিউজ ডেস্ক : আৰক্ষীৰ জিম্মাতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে আতিক আহমেদ আৰু ভাতৃ আশ্ৰফ আহমেদক (Atik Ahmed and Ashraf Ahmed Killed)। উত্তৰ প্ৰদেশৰ মাফিয়া আতিক আহমেদ আৰু ভাতৃ আশ্ৰফ আহমেদক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ নি থকা অৱস্থাত শূণ্য দূৰত্বত পৰা দুৰ্বৃত্তই দুয়োকে গুলীয়াই। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত শনিবাৰে নিশা সংঘটিত হয় এই হত্যাকাণ্ড।

উল্লেখ্য যে শনিবাৰে নিশাৰ ভাগত আৰক্ষীয়ে মাফিয়া আতিক আহমেদ আৰু ভাতৃ আশ্ৰফ আহমেদক স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ নিয়ে। আৰক্ষীৰ বাহনৰ পৰা নামি দুয়ো খোজকাঢ়ি গৈ থকা অৱস্থাত সাংবাদিকৰ দলে দুয়োৰে সাক্ষাৎ গ্ৰহণ কৰি থকা সময়তে হঠাৎ দুৰ্বৃত্তই দুয়োলৈ লক্ষ্য কৰি গুলী চালনা কৰে। দুৰ্বৃত্তই শূণ্য দূৰত্বৰ পৰা দুয়োৰে মূৰত গুলী চালনা কৰাৰ দুয়ো মাটিত ঢলি পৰে।

আৰক্ষী আৰু সাংবাদিকৰ সন্মুখত এইদৰে মাফিয়া আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদৰ ওপৰত গুলী চালনাৰ পিছতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। গুলী চালনাৰ লগতে গুলী চালনাৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিৰ সমগ্ৰ দৃশ্য বান্ধি হৈ ৰয় কেমেৰাত। জানিব পৰা মতে গুলী চালনা কৰা দুৰ্বৃত্তৰ দলটো সাংবাদিকৰ ৰূপৰ আহিছিল। এই গুলীচালনাৰ ঘটনাত আৰক্ষীৰ এজন লোকো আহত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মাফিয়া আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফ আহমেদক উমেশ পাল হত্যাকাণ্ডৰ গোচৰত বিগত ৪ দিন ধৰি আৰক্ষীৰ জিম্মাত আছিল। শনিবাৰে ধুমগঞ্জ আৰক্ষী থানাৰ লকআপত দুয়োকে অস্ত্ৰ সৰবৰাহ সন্দৰ্ভত এ টি এছে জেৰা কৰিছিল। এ টি এছৰ জেৰাৰ পিছত দুয়োকে স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ নিছিল আৰক্ষীয়ে। গুলী লগাৰ পিছত দুয়োকে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে।

মাফিয়া আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফ আহমেদক গুলীয়াই হত্যা কৰা তিনি দুৰ্বৃত্তক ঘটনাস্থলীতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল উদ্ধাৰ কৰিছে। উল্লেখ্য যে মাফিয়া আতিক আহমেদৰ বিৰুদ্ধে বহু কেইটা গোচৰ ৰুজু হৈ আছে। দুৰ্বৃত্তৰ গুলীত নিহত হোৱাআতিক আহমেদৰ পুত্ৰ আছাদ আহমেদ দুদিন পূৰ্বে অৰ্থাৎ ১৩ এপ্ৰিলত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল। উত্তৰ প্ৰদেশৰ ঝান্সিত এনকাউণ্টাৰত নিহত হৈছিল আছাদ আহমেদ।

ইফালে মাফিয়া আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফ আহমেদক আৰক্ষীৰ জিম্মাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা ঘটনাৰ পিছতে উত্তৰ প্ৰদেশৰ আইন শৃংখলাকলৈ প্ৰশ্ন উত্থাপন হৈছে। আতিক আহমেদ আৰু আশ্ৰাফ আহমেদৰ হত্যাৰ পিছতে প্ৰয়াগৰাজত জাৰি কৰা হৈছে হাই এলাৰ্ট। ইফালে উত্তৰ প্ৰদেশ চৰকাৰে আৰক্ষীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি ১৭ জনকৈ আৰক্ষীক নিলম্বন কৰিছে।