কাছাৰ : দুষ্প্ৰাপ্য বন্যপ্ৰাণী (Wild Animals) সৰবৰাহৰ মুখ্য পথলৈ ৰূপান্তৰিত হৈছে নেকি উত্তৰ পূব? উত্তৰ পূবৰ মাজেৰে দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহ কথাটো নিৰাপদ নেকি বন্যপ্ৰাণী সৰবৰাহকাৰী সকলৰ বাবে। কাছাৰত পুনৰ উদ্ধাৰ হৈছে ১৩ টাকৈ দুষ্প্ৰাপ্য আফ্ৰিকান বান্দৰ।

উত্তৰ পূবৰ মাজেৰে ড্ৰাগছৰ লাগতে বিভিন্ন প্ৰকাৰৰ অবৈধ সামগ্ৰীৰ সৰবৰাহ অব্যাহত আছে। অসম আৰক্ষীয়ে অসমৰ মাজেৰে ড্ৰাগছৰ সৰবৰাহ ৰোধ কৰাৰ বাবে ইতিমধ্যে কঠোৰ হোৱা পৰিলক্ষিত হৈছে। উত্তৰ পূবৰ অন্যান্য ৰাজ্য সমূহৰ পৰা ড্ৰাগছ আনি অসমৰ মাজেৰে সৰবৰাহৰ চেষ্টা চলোৱা বহু সৰবৰাহকাৰী ইতিমধ্যে অসম আৰক্ষীৰ জালত পৰিছে। বিভিন্ন সময়ত অসমত ৰে’ল আৰক্ষীও অভিযান চলাই ৰে’লযোগে অবৈধভাৱে সৰবৰাহ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী জব্দ কৰা পৰিলক্ষিত হয়। ইয়াৰ মাজতে এতিয়া উত্তৰ পূব হৈ পৰিছে দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহৰ অন্যতম প্ৰধান পথ।

পুনৰ কাছাৰ জিলাত উদ্ধাৰ হৈছে ১৩ টাকৈ দুষ্প্ৰাপ্য আফ্ৰিকান বান্দৰ। কাছাৰ জিলাৰ দাৰ্বি চা বাগিচাত পিঞ্জৰাত আৱদ্ধ হৈ থকা অৱস্থাত উদ্ধাৰ হয় ১৩ টা দুষ্প্ৰাপ্য আফ্ৰিকান বান্দৰ। বাগিচাখনৰ পথৰ কাষত পিঞ্জৰাত আৱদ্ধ হৈ থকা অৱস্থাত স্থানীয় ৰাইজে আফ্ৰিকান বান্দৰ কেইটা প্ৰত্যক্ষ কৰি বাগিচাখনৰ কৰ্তৃপক্ষক খবৰ দিয়ে। পৰৱৰ্তী সময়ত বাগিচাখনৰ কৰ্তৃপক্ষই বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোকে বান্দৰ কেইটাক উদ্ধাৰ কৰে।

বন্যপ্ৰাণী সৰবৰাহকাৰীয়ে দুষ্প্ৰাপ্য আফ্ৰিকান বান্দৰ কেইটা অন্য ঠাইলৈ সৰবৰাহৰ বাবে আনিছিল যদিও আৰক্ষীৰ ভয়ত বান্দৰ কেইটাক পিঞ্জৰাত আৱদ্ধ হৈ থকা অৱস্থাত পথৰ কাষত পেলাই যায় বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। বৰ্তমান দুষ্প্ৰাপ্য আফ্ৰিকান বান্দৰ কেইটাক শিলচৰৰ পৰা গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে কিছুদিন পুর্বে মিজোৰাম আৰক্ষীয়ে ৰাজ্যিক আবকাৰী আৰু মাদক দ্ৰব্য বিভাগৰ লগত যুটীয়া অভিযান চলাই তিনিখনকৈ বাহনৰ পৰা ১৪০ টা দুষ্প্ৰাপ্য বন্যপ্ৰাণী উদ্ধাৰ কৰিছিল।

মিজোৰামৰ অভিযানকাৰী দলটোৱে দুষ্প্ৰাপ্য বন্যপ্ৰাণী কেইটা উদ্ধাৰ কৰাৰ লগতে তিনিজনকৈ বন্যপ্ৰাণী সৰবৰাহকাৰী জালত পেলাইছিল। মিজোৰামৰ চম্পাই জিলাত উদ্ধাৰ হোৱা ১৪০ টা দুষ্প্ৰাপ্য বন্যপ্ৰাণী কেইটা ম্যানমাৰৰ পৰা অনা হৈছিল বুলি জানিব পৰা গৈছিল। অসমৰ ৰঙিয়া আৰক্ষীও কিছুদিন পূৰ্বে ৰঙিয়াত বন্যপ্ৰাণী সৰবৰাহকাৰীৰ কবলৰ পৰা বিভিন্ন প্ৰকাৰৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী উদ্ধাৰ কৰিছিল।