গুৱাহাটী, সংবাদ ৩৬৫, ১১ ডিচেম্বৰ : বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে মহানগৰীত সান্ধ্য আইন জাৰি। সন্ধিয়া ৬.১৫ বজাৰ পৰা কালিলৈ পুৱালৈকে জাৰি কৰা হৈছে কাৰ্ফিউ।

গাড়ীত অগ্নিসংযোগ কৰাৰ পৰা আদি কৰি বিভিন্ন চাইন বোৰ্ড ফালি জ্বলাই দিয়া আদি বিক্ষিপ্ত ঘটনা ঘটাৰ বাবে জাৰি কৰা হৈছে সান্ধ্য আইন ।

উল্লেখ কৰিব পাৰি যে কেবৰ বিৰোধিতা কৰি শদিয়াৰ পৰা ধুবুৰীলৈ অব্যাহত আছে প্ৰতিবাদ । বিভিন্ন ঠাইত টায়াৰ জ্বলাই সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ। প্ৰতিবাদকাৰীক ছত্ৰ ভংগ দিয়াৰ উদ্দেশ্য আৰক্ষীয়ে লাঠী চালনাও কৰিবলৈ বাধ্য হৈছে।