গুৱাহাটী, সংবাদ ৩৬৫, ১১ ডিচেম্বৰ : কেবৰ বিৰোধীতাৰে ৰাজ্যত ভয়াবহ পৰিস্থিতি । গুৱাহাটী মহানগৰীতো ক্ৰমাৎ অধিক বেয়ালৈ গৈছে পৰিস্থিতি। জনতা ভৱনৰ সন্মুখত লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। বাতৰি লিখা পৰলৈকে হৈ আছে প্ৰতিবাদ।

কেইবাবাৰো আটক কৰা হৈছে প্ৰতিবাদকাৰীক। প্ৰতিবাদ কাৰীৰ মাজলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছে যদিও পিছুৱাই যোৱা নাই প্ৰতিবাদকাৰী। যেতিয়ালৈকে চৰকাৰী কৰ্তৃপক্ষ প্ৰতিবাদ স্থলীত উপস্থিত নহয় তেতিয়ালৈকে প্ৰতিবাদকাৰী প্ৰতিবাদী স্থানৰ পৰা আঁতৰি নাযায় বুলি স্পষ্ট কৰি দিছে।

প্ৰতিবাদকাৰীক পিছুৱাই নিবলৈ আৰক্ষীয়ে প্ৰতিবাদ কাৰীৰ মাজত শিলগুটিও নিক্ষেপ কৰাৰ লগতে পানী হিলৈ নিক্ষেপ কৰে । আনহাতে প্ৰতিবাদকাৰীয়েও আৰক্ষীলৈ নিক্ষেপ কৰে শিলগুটি। মুঠৰ ওপৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। ইমানৰ পিছতো কিন্তু চৰকাৰী পক্ষৰ কোনো সঁহাৰি পোৱা নাই।

প্ৰতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ গুলিচালনা কৰে, প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চালনা কৰাও পৰিলক্ষিত হয়।

মহানগৰীৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। দিছ্পুৰতো এখন বাছত অগ্নিসংযোগ ঘটে। আনহাতে জি এছ ৰোডত ব্যাহত কৰি দিয়া হৈছে বিদ্যুৎ ব্যৱস্থা।

ইফালে শেহতীয়া তথ্য অনুসৰি বুধবাৰৰ সন্ধিয়া ৭ বজাৰ পৰা বৃহস্পতি বাৰৰ সন্ধিয়া ৭ বজালৈ বন্ধ হ’ব ইণ্টাৰনেট সেৱা।