গুৱাহাটী : লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Airport) ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। অসমৰ গুৱাহাটী মহানগৰৰ সমীপৱৰ্তী বৰঝাৰত অৱস্থিত এই বিমান বন্দৰটো স্বাধীনতা সংগ্ৰামী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাকৰণ কৰা হৈছে। গোপীনাথ বৰদলৈ ভাৰতৰ স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। এই বিমাবন্দৰটো ভাৰতৰ প্ৰধিকৰণৰ দ্বাৰা পৰিচালিত আৰু ভাৰতীয় বিমানবন্দৰ প্ৰধিকৰণৰ দ্বাৰা পৰিচালিত। ভাৰতীয় বায়ু সেনাইও ইয়াক ঘাটি হিচাপে ব্যৱহাৰ কৰে।

আপাতকলিন পৰিস্থিতিৰ পুনৰীক্ষণৰ বাবে গুৱাহাটী বিমাবন্দৰত পূৰ্ণ পৰ্যায়ৰ মকড্ৰিল ২০২২ সম্প্ৰন্ন। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত ২৩ ডিচেম্বৰত পুৱাৰ ভাগত এক নিৰ্ধাৰিত মক ফুল স্কেল এৰোড্ৰম জৰুৰকালীন অনুশীলন অনুষ্ঠিত কৰা হয়। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ নিৰ্দেশাৱলী আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ পৰামৰ্শা অনুসৰি এলজিবিআইয়ে এই অনুশীলন সম্পন্ন কৰে।

সন্ধিয়া ৪ বাজি ৭২ মিনিটত শেষ হোৱা ৭২ মিনিটৰ মকড্ৰিল‌ অনুশীলনটোত বিমাবন্দৰটোৱে বিচাৰি লোৱা এক পূৰ্ব নিৰ্ধাৰিত নিদিষ্ট দৃশ্যপটৰ পৰিকল্পনা কৰা হৈছিল আৰু সেই অনুসৰি প্ৰদৰ্শন কৰা হৈছিল। এই অনুশীলনত বিমানবন্দৰৰ সকলো অংশীদাৰে এক সহযোগিতামূলক পদক্ষেপ গ্ৰহণ কৰে। যিসকলে তেওঁলোকক দিয়া দায়িত্ব আৰু কতৰ্ব্য অনুসৰি প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে। এলজিবিআইয়ে ২০১২ চনতো এক মকড্ৰিল অনুশীলন কৰিছিল। এই অনুশীলনৰ উদ্দেশ্য হ’ল জৰুৰকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে বিমাবন্দৰৰ অপাৰেটৰ আৰু কৰ্মচাৰীসকলৰ দক্ষতা আৰু কাৰ্যকাৰিতাক অধিক শক্তিশালী কৰা।

উপৰ্যুপৰি ই এয়াৰড্ৰম জৰুৰকালীন প্ৰতিক্ৰিয়া পৰিকল্পনাত স্থাপন কৰা প্ৰক্ৰিয়াক বৈধকৰণ কৰাৰ লগতে আন সকলো অংশীদাৰৰ দ্বাৰা অনুসৰণ কৰা প্ৰক্ৰিয়াসমূহ উচ্চ মানদণ্ডত আছে যাতে এনে পৰিস্থিতিত ব্যৱস্থাগতভাৱে জৰুৰকালীন ব্যৱস্থাপনা কৰিব পৰা যায়। ডিডিএমএ আৰু বিমান পৰিবহণ খণ্ডৰ বিশেষজ্ঞসকলক লৈ গঠিত স্বতন্ত্ৰ পৰ্যবেক্ষকসকলে সৃষ্টি হোৱা দৃশ্যপটৰ প্রতি বিভিন্ন পক্ষৰ প্ৰতিক্ৰিয়াৰ মূল্যাংকন কৰে। এলজিবিআএৰ ডিব্ৰিফিঙৰ‌ বৈঠকত মূল্যৱান পৰ্যবেক্ষণসমূহ লিপিৱদ্ধ কৰা হয়।