বঙাইগাঁও : বঙাইগাঁও চহৰত চাঞ্চল্যকৰ চুৰিকাণ্ড। চোৰৰ দলে চহৰখনৰ মাজমজিয়াৰ পৰা দুটা এটিএম ভাঙি লুটি নিলে ৪০ লাখ টকা। চোৰৰ দলটোৱে প্ৰথমে এটিএম’ৰ ভিতৰত থকা চিচিটিভি’ বিকল কৰিছিল। আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই চোৰৰ দলটোৱে টকা লৈ উধাও হয়।

বঙাইগাঁও চহৰৰ সংঘটিত হৈছে এটিএম’ৰ পৰা টকা লুটি নিয়াৰ এক চাঞ্চল্যৰ ঘটনা। সোমবাৰে পুৱাৰ ভাগত চাৰি-পাঁচ জনীয়া চোৰৰ দল এটাই বঙাইগাঁৱৰ বৰাপাৰাত ভাৰতীয় ষ্টেট বেংকৰ দুটাকৈ এটিএম ভাঙি লুটি নিয়ে ৪০ লাখ টকা। চোৰৰ দলটোৱে এটিএম গৃহত প্ৰৱেশ কৰি প্ৰথমে ভিতৰত থকা চিচি টিভি কেমেৰা বিকল কৰে।

চিচি টিভি কেমেৰা বিকল কৰি গেছ কাটাৰ মেচিনেৰে এটিএম কাটি টকাখিনি লুটি নিয়ে। চোৰৰ দলটোৱে চিচি টিভি কেমেৰা বিকল কৰাত চিচি টিভিৰ ভিডিঅ’ পৰ্যবেক্ষণ কৰি থকা দলটোৱে আৰক্ষীক খবৰ দিয়ে। কিন্তু ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হোৱাৰ পূৰ্বেই চোৰৰ দলটোৱে এটিএম চাফা কৰি উধাও হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে চোৰৰ দলটোৱে দুটা এটিএম’ৰ ৪০ লাখ টকা লুটি নিছে। আৰক্ষীয়ে চোৰ কেইটাৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। চহৰৰ মাজমজিয়াৰ পৰা চোৰৰ দলে এটিএম ভাঙি ৪০ লাখ টকা লুটি নিয়া ঘটনাই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।