আজিজ আলী

মুকালমুৱা : মুকালমুৱাৰ বাকৰিকুছিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত তিনিজন লোক। মটৰ চাইকেল আৰু চাইকেলৰ মাজত মুখামুখি সংঘর্ষত আহত হয় তিনিজন লোক। আহত তিনিওজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত বাকৰিকুছিত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে। বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বাকৰিকুছিত মটৰ চাইকেল আৰু চাইকেলৰ মাজত মুখামুখি সংঘর্ষত তিনিজন লোক গুৰুত্বৰভাৱে আহত হৈছে। মটৰ চাইকেলৰ চালকজনে সুৰাপান কৰি মটৰ চাইকেল চলোৱা বুলি ৰাইজে জানিবলৈ দিয়ে।

এএছ-০১-একে-৩৩৫৮ নম্বৰৰ এখন মটৰ চাইকেল এখনে সন্মুখৰ পৰা আহি থকা চাইকেলক খুন্দা মাৰে। দুৰ্ঘটনাত বাকৰিকুছিৰ ডিৰোৱাৰ খাইৰত আলী, গুৱাহাটীৰ গান্ধিবস্তিৰ নাৰায়ণ ডেকা আৰু কচুৱাৰ নিৰেন মেধী নামৰ তিনিজন লোক গুৰুত্বৰভাৱে আহত হয়। তিনিওজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হৈছে।

মটৰ চাইকেলৰ চালকজনে সুৰাপান কৰি মটৰ চাইকেল চলাইছিল বুলি ৰাইজে জনাবলৈ দিয়ে। মটৰ চাইকেলখনৰ কাষতে সুৰাৰ বটল উদ্ধাৰ হোৱাৰ বাবেই ৰাইজে এই সন্দেহ কৰিছে। ঘটনাস্থলীত মুকালমুৱা আৰক্ষীয়ে উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।