বৰপেটা : বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজন লোক। যাত্ৰীবাহী টেম্পু আৰু ট্ৰাকৰ মাজত মুখামুখী সংঘর্ষত থিতাতে দুজন লোক নিহত হোৱাৰ লগতে আহত হয় ছায়জনকৈ লোক। টেম্পুৰ চালকজনৰ অৱস্থা সংকটজনক। আহত ছায়জন লোক চিকিৎসালয়ত ভৰ্তি।

বুধবাৰে পুৱতি নিশা বৰপেটা চহৰৰ সমীপৰ চাউলখোৱা নদীৰ ওপৰত থকা পকী দলঙৰ ওপৰত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। এখন যাত্ৰীবাহী টেম্পু আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত টেম্পুখনত থকা দুজন যাত্ৰী থিতাতে নিহত হয়। টেম্পুখনৰ চালকসহ মুঠ ছায়জন আহত হয় এই ভয়ংকৰ পথ দুর্ঘটনাত।

জানিব পৰা মতে মহাৰাষ্ট্ৰৰ মোম্বাইৰ পৰা ৰে’লযোগে বৰপেটাৰোড ষ্টেচনত উপস্থিত হৈছিল সাতজনকৈ লোক। ৰেল ষ্টেচনৰ পৰা এখন টেম্পু ভাড়া কৰি বৰপেটা চহৰ হৈ বহৰিলৈ গৈ আছিল লোক কেইজন। বহৰিলৈ গৈ থকা অৱস্থাত বৰপেটা চহৰৰ সমীপৰ চাউলখোৱা নদীৰ ওপৰত থকা পকী দলঙৰ ওপৰত বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী ট্ৰাক এখনে টেম্পুখনক সন্মুখৰ পৰা খুন্দা মাৰে।

এই পথ দুর্ঘটনাত টেম্পুখনত থকা দুজন যাত্ৰী থিতাতে নিহত হয়। আনহাতে টেম্পুখনৰ চালকসহ ছায়জনকৈ যাত্ৰী আহত হয় এই পথ দুৰ্ঘটনাত। টেম্পুখনৰ চালকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত সকলোকে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। নিহত লোক দুজন নগাঁৱৰ বাৰামাৰা গাঁৱৰ আবুল আৰু পাটবাউসীৰ ইনজামুল।