হাস্না বেগম

গুৱাহাটী : মহানগৰীৰ ভগদত্তপুৰ আৰক্ষীৰ বৃহৎ সাফল্য। ভগদত্তপুৰ আৰক্ষী চকীৰ বিষয়া মইনা দাসৰ নেতৃত্বত চলা এক অভিযানত বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয় ভগদত্তপুৰ আৰক্ষীয়ে। মোবাইল ফোন চোৰৰ এটা কুখ্যাত দলক গ্ৰেপ্তাৰ কৰি ৭৮ টাকৈ চুৰিৰ মোবাইল ফোন উদ্ধাৰ কৰে ভগদত্তপুৰ আৰক্ষীয়ে।

মহানগৰীৰ কাহিলিপাৰাৰ ভগদত্তপুৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া মইনা দাসৰ নেতৃত্বত চলা এক অভিযানত বৃহৎ সাফল্য লাভ কৰিছে ভগদত্তপুৰ আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ভগদত্তপুৰ আৰক্ষীৰ এটা দলে মোবাইল ফোন চোৰৰ দল এটাৰ তিনিজনকৈ কুখ্যাত সদস্যক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে এগৰাকী মহিলা সদস্য।

উল্লেখ্য যে যোৱা ১১ এপ্ৰিলত কাহিলীপাৰা জনকপুৰস্থিত গুম্বী চফটোৱেৰ প্ৰাইভেড লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ পৰা চুৰি হৈছিল ১২১ টাকৈ মোবাইল ফোন। এই চুৰিকাণ্ড সন্দৰ্ভত ভগদত্তপুৰ আৰক্ষী চকীত দাখিল কৰা হৈছিল এজাহা। উক্ত এজাহাৰৰ ভিত্তিত ভগদত্তপুৰ আৰক্ষীয়ে অভিযান চলাই কামৰূপ জিলাৰ শুৱালকুচি আৰু নলবাৰী জিলাৰ মুকালমুৱাৰ চৰাঞ্চলৰ পৰা তিনিজন চোৰক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে চোৰ তিনিজনক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি হোৱা ১২১ টা মোবাইল ফোনৰ ৭৮ টা মোবাইল ফোন উদ্ধাৰ কৰে। ধৃত চোৰ তিনিজনৰ ভিতৰত আছে এগৰাকী মহিলা। মহিলা গৰাকীৰ নাম জৰিনা বেগম। আনহাতে মোবাইল ফোন চোৰৰ দলটোৰ আন দুজন সদস্য হৈছে আব্বাচ আলী আৰু বেদেনউদ্দিন আলী। চুৰি হোৱা ১২১ টা মোবাইল ফোনৰ মূল্য প্ৰায় ৮ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।