গৌৰীপুৰৰ পৰা আনিছুৰ আলী, সংবাদ ৩৬৫, ৭ জুন : হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধুবুৰী জিলাৰ বালাজান হাইস্কুলৰ প্ৰথম স্থান দখল কৰা কৃতী ছাত্ৰ-ছাত্ৰীক স্থানীয় সমাজকৰ্মী মতিয়ৰ ৰহমানৰ সম্বৰ্ধনা। কৃতী ছাত্ৰ-ছাত্ৰী সকলৰ বাগৃহত গৈ সম্বৰ্ধনা জনালে মতিয়ৰ ৰহমানে।

শনিবাৰে ঘোষণা কৰা হয় ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধুবুৰী জিলাৰ বালাজান হাইস্কুলৰ কেইবা গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। বিদ্যালয়খনৰ আব্দুল ওৱাৰিস সৰ্বমুঠ ৫৪৯ নম্বৰ লাভ কৰাৰ বিপৰীতে মনিছুৰ ৰহমানে সৰ্বমুঠ ৫১০ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ লগতে বালাজন অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। এই দুই কৃতী ছাত্ৰক অঞ্চলটোৰ মতিয়ৰ ৰহমান নামৰ সমাজকৰ্মীয়ে দেওবাৰে বিশেষ ভাৱে সম্বৰ্ধনা জনায়। মতিয়ৰ ৰহমানে আব্দুল ওৱাৰিসৰ বাসগৃহত উপস্থিত হৈ ছাত্ৰ গৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে উপহাৰ হিচাপে এহাজাৰ টকাৰ চেক প্ৰদান কৰে।

সমাজকর্মী গৰাকীয়ে আব্দুল ওৱাৰিস আৰু মনিছুৰ ৰহমানৰ লগতে বালাজান অঞ্চলৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰা ৮ গৰাকী ছাত্ৰ-ছাত্ৰী, কৃতী ছাত্র-ছাত্ৰী সকলৰ অভিভাৱক আৰু বালাজান হাইস্কুলৰ শিক্ষক সকলকো ফুলাম গামোচা আৰু এটি কলমেৰ উপহাৰ হিচাপে আগবঢ়াই সম্বৰ্ধনা জনায়।