দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ দুটা পৃথক স্থানত বিএছএফে অভিযান চলাই ২৩ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছে। কল গছৰ ভূৰ বান্ধি নদী পথেৰে বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা চলাওঁতে বিএছএফে অভিযান চলাই গৰু কেইটা জব্দ কৰে। বিএছএফে গৰু কেইটা আৰক্ষীক গতাই দিয়ে। বান পানীৰ সুযোগ গ্ৰহণ কৰি বিগত কিছুদিন ধৰি গৰু সৰবৰাহকাৰী অধিক সক্ৰিয় হৈ পৰিছে।

দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ চোকীচৰ বিএছএফ কেম্পৰ অধীনস্থ নদী পথৰ পৰা বিএছএফে দেওবাৰে পুৱতি নিশা ১৮ টা চোৰাং গৰু জব্দ কৰে। নদী তথা উন্মক্ত চৰ সীমান্তৰ মাজেৰে গৰু কেইটা গৰু সৰবৰাহকাৰীয়ে কল গছৰ ভূৰ বান্ধি পানীৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহ কৰি থকা অৱস্থাত গৰু কেইটা বিএছএফে জব্দ কৰে। বিএছএফক দেখি চোৰাং সৰবৰাহকাৰীৰ দলটো পলায়ন কৰে।

বিএছএফে গৰু কেইটা দক্ষিণ শালমাৰা থানাত গতাই দিয়াত আৰক্ষীয়ে গৰু কেইটা খোৱাৰাত জমা কৰিছে। আনহাতে জিলাখনৰে সুখচৰ থানাৰ অন্তৰ্গত মহামায়া চৰ বিএছএফ কেম্পৰ অধীনস্থ ভাৰত-বাংলাদেশ সীমান্তৰ পৰাও বিএছএফে পুৱতি নিশা ৫ টা চোৰাং গৰু জব্দ কৰে। বিএছএফে গৰু কেইটা জব্দ কৰি থকা অৱস্থাত চোৰাং গৰু সৰবৰাহকাৰীৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

বিএছএফে গৰু কেইটা সুখচৰ আৰক্ষীক চমজাই দিয়াত আৰক্ষীয়ে গৰু কেইটা খোৱাৰাত জমা কৰিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে গৰু ছিণ্ডিকেট আৰু গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে যিমানেই কঠোৰ পদক্ষেপ গ্ৰহণ নকৰক কিয় গৰুৰ চোৰাং বেপাৰীয়ে চৰকাৰ তথা প্ৰশাসনক বুঢ়া আঙুল দেখুৱাই বাংলাদেশলৈ চোৰাংভাৱে গৰু সৰবৰাহ কৰি থকা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত অসম আৰক্ষী তথা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ, দক্ষিণ শালমাৰা থানাৰ আৰক্ষীৰ ভূমিকা ৰহস্যজনক বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে।

প্ৰায় প্ৰতিদিনে বিএছএফে সীমান্তৰ পৰা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছে যদিও জিলাখনৰ সুখচৰ আৰু দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে কি ৰহস্যজনক কাৰণত গৰু জব্দ কৰা নাই সেয়া সৰ্বত্ৰে আলোচনাৰ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ সুখচৰ আৰু দক্ষিণ শালমাৰা থানা এলেকাত থকা ভাৰত-বাংলাদেশ সীমান্তৰ অধিকাংশ এলেকা উন্মক্ত তথা নদী আৰু চৰ সীমান্ত। এই সুযোগ লৈ চোৰাং গৰু সৰবৰাহকাৰীয়ে এইদৰে প্ৰতিদিনে জাকে জাকে গৰু বাংলাদেশলৈ সৰবৰাহ কৰি থকাৰ পিছতো দুয়োখন থানাৰ আৰক্ষীয়ে গৰু জব্দ নকৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।