ধেমাজি : মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিংকু শৰ্মা আৰক্ষীৰ গুলীত আহত। ধেমাজি আৰক্ষীয়ে হত্যাকাৰী ৰিংকু শৰ্মাক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষী বাধ্য হয় গুলী চালনা কৰিবলৈ।

সমগ্ৰ ৰাজ্যৰ লগতে দেশ কঁপাই যোৱা ধেমাজিৰ নন্দিতা শইকীয়া নৃশংস হত্যাকাণ্ডৰ অভিযুক্ত ৰিংকু শইকীয়া ধেমাজি আৰক্ষীৰ গুলীত আহত হৈছে। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে ৰিংকু শৰ্মাৰ ওপৰত গুলী চলাবলৈ বাধ্য হয়। অসম আৰক্ষীৰ আইন শৃংখলাৰ এডিজিপি জি পি সিঙে টুইটযোগ ৰিংকু শৰ্মা আৰক্ষীৰ গুলীত আহত হোৱা বুলি জানিবলৈ দিয়ে।

আইন শৃংখলাৰ এডিজিপি জি পি সিঙে টুইটযোগে প্ৰকাশ কৰে যে নন্দিতা শইকীয়া হত্যাকাৰী ৰিংকু শৰ্মা আৰক্ষীৰ গুলীত অহাৰ হৈছে। হত্যাকাৰী ৰিংকু শৰ্মা আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে ৰিংকু শৰ্মাক লক্ষ্য কৰি গুলী চলাবলৈ বাধ্য হয়। নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিংকু শৰ্মাক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে ধেমাজিৰ মিৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক ৰিংকু শৰ্মাই ৰাজপথৰ ওপৰত দাৰে নিৰ্মমভাৱে আক্ৰমণ কৰি আহত কৰিছিল। ৰিংকু শৰ্মাৰ দাৰ ঘাপত আহত নন্দিতা শইকীয়া কেইবাদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিছিল।