গুৱাহাটী : অসমবাসীৰ বাবে আন এক শোকাবহ খবৰ। বৰেণ্য শিল্পী নীলপৱন বৰুৱাৰ (Nilpawan Baruah) দেহাৱসান। অসমীয়া বোলছবি জগতৰ তাৰকা অভিনেতা নিপন গোস্বামীৰ মৃত্যুৰ এদিন পিছতে বৰেণ্য শিল্পী নীলপৱন বৰুৱাৰ দেহাৱসান ঘটে।

অসমবাসী ৰাইজে অসমৰ বোলছবি জগতৰ তাৰকা অভিনেতা নিপন গোস্বামীৰ মৃত্যুৰ এদিন পিছতে হেৰুৱালে আন এগৰাকী বৰেণ্য শিল্পী নীলপৱন বৰুৱাক। বৃহস্পতিবাৰে পুৱা ৭.১৫ বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটিছিল অভিনেতা নিপন গোস্বামীৰ। শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰেণ্য শিল্পী নীলপৱন বৰুৱাই।

বিয়লি ৩.১৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে। বিগত কিছুদিন ধৰি শিল্পী গৰাকী অসুস্থ হৈ আছিল। জ্বৰত আক্রান্ত শিল্পী নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা ২২ ছেপ্টেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। অৱশেষত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত শুকুৰবাৰে চিকিৎসাধীন অৱস্থাত শিল্পী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

নীলপৱন বৰুৱাৰ জন্ম ১৯৩৬ চনত যোৰহাট জিলাৰ টীয়কৰ তামুলীছিঙা গাঁৱত হৈছিল। কলকাতাৰ শান্তিনিকেতনৰ পৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী লাভ কৰিছিল। কলকতাৰ পৰা আহি গুৱাহাটী আৰ্ট কলেজত শিক্ষকতাত যোগদান কৰিছিল নীলপৱন বৰুৱাই। অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰাৰ লগতে বসুন্ধৰা কলা নিকেতন নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰিছিল নীলপৱন বৰুৱাই।

১৯৭৬ চনত কণ্ঠশিল্পী প্ৰয়াত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হৈছিল নীলপৱন বৰুৱা। কণ্ঠশিল্পী দীপালী বৰঠাকুৰ মটৰ-নিউৰণ ৰোগত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰুৱাই ক্ৰমাৎ অসুস্থ হৈ পৰিছিল যদিও নীলপৱন বৰুৱা জীৱনৰ অন্তিম সময়লৈকে দীপালী বৰঠাকুৰৰ যত্ন লৈছিল। দীপালী বৰঠাকুৰৰ প্ৰতি থকা নীলপৱন বৰুৱাৰ ভাল পোৱাৰ বাবেই তেওঁক দুৰন্ত প্ৰেকিম বুলি আখ্যা দিয়া হৈছিল।