গুৱাহাটী : দেওবাৰৰ দিনটোত ৰাজ্যত ২ হাজাৰ ৭০৯ জন লোক নতুনকৈ আক্রান্ত হৈছে ক’ভিডত। মৃত্যুৰ হৈছে ৫ জনকৈ ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ১ হাজাৰ ২২৩ জন। শনিবাৰৰ তুলনাত দেওবাৰে ৰাজ্যত কিছু হ্ৰাস পাইছে আক্রান্তৰ সংখ্যা।

ৰাজ্যত অধিক ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। দেওবাৰৰ দিনটোত ৰাজ্যত ৮.৯৯ শতাংশলৈ বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। দেওবাৰৰ দিনটোত ৰাজ্যত মুঠ ৩০ হাজাৰ ১৪৬ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ২ হাজাৰ ৭০৯ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি।

আনহাতে এই সময়ছোৱাত ৰাজ্যত মৃত্যুৰ মুখত পৰে ৫ জন ক’ভিড আক্রান্ত লোক। দেওবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ১ হাজাৰ ২২৩ জন। দেওবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। ৯১২ জন লোক কামৰূপ মহানগৰ জিলাত দেওবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয়।

কামৰূপ মহানগৰ জিলাৰ পিছতে আছে যোৰহাট জিলা জিলা। যোৰহাটত আক্রান্ত হৈছে ২৫৭ জন লোক। ইয়াৰ পৰিবৰ্তে ডিব্ৰুগড় জিলাত ১৮০ জন আৰু কাছাৰ জিলাত ১৫৯ জন লোক আক্রান্ত হৈছে। মৃত্যুৰ মুখৰ পৰা ৫ জনৰ ২ জন যোৰহাট জিলাৰ, ১ জন কামৰূপ মহানগৰ জিলাৰ, ১ জন মৰিগাঁও জিলাৰ আৰু ১ জন নালবাৰী জিলাৰ।