গুৱাহাটী : এগৰাকী সুৰামত্ত মহিলাই থানাৰ ভিতৰত চলালে তাণ্ডৱ। মহানগৰীৰ দিছপুৰ থানাত ভিতৰত নিশা সুৰামত্ত মহিলাই তাণ্ডৱ চলাই উত্তপ্ত কৰি তোলে দিছপুৰ থানাৰ ভিতৰচৰা।

দেওবাৰে নিশাৰ ভাগত মহানগৰী গুৱাহাটীৰ দিছপুৰ থানাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। এগৰাকী সুৰামত্ত মহিলাই দিছপুৰ আৰক্ষী থানাৰ ভিতৰত সৃষ্টি কৰে এই উত্তপ্ত পৰিস্থিতিৰ। মহিলা গৰাকীক স্বামীসহ দিছপুৰ আৰক্ষীয়ে আটক কৰি থানালৈ অনাৰ পিছতে সৃষ্টি হয় এই পৰিস্থিতিৰ।

দিছপুৰ আৰক্ষীয়ে নিশা ৰাজপথত সুৰামত্ত চালকৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীয়ে অভিযানকালত এগৰাকী দম্পত্তীক সুৰামত্ত অৱস্থাত বাহন চলোৱাৰ অপৰাধত আটক কৰি দিছপুৰ থানালৈ আনে। ইয়াৰ পিছতে দিছপুৰ থানাত সুৰামত্ত অৱস্থাত থকা মহিলা গৰাকীয়ে আৰম্ভ কৰে তাণ্ডৱলীলাৰ।

মহিলা গৰাকীয়ে সুৰাৰ ৰাগীত মাতাল হৈ দিছপুৰ থানাৰ আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। সুৰামত্ত মহিলা গৰাকীয়ে দিছপুৰ থানাত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক সকলকো অভৱ্য আচৰণ কৰি থানাৰ ভিতৰচৰাৰ পৰিৱেশ গৰম কৰি তোলে।

ইয়াৰ মাজতে আৰক্ষীয়ে সুৰামত্ত অৱস্থাত থকা দম্পত্তী হালক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়ে। জানিব পৰা মতে সুৰাৰ ৰাগীত মাতাল হৈ বাহন চলোৱা লোকজন সেনাৰ লোক। দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে সুৰামত্ত অৱস্থাত বাহন চলোৱাৰ অপৰাধত দম্পত্তী হালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।