নিউজ ডেস্ক : গুজৰাটত ভয়ংকৰ দুর্ঘটনা। নদীৰ ওপৰত থকা এখন কেব’ল ব্ৰীজ ভাঙি (Bridge Collapse) পৰাত বহু লোক নদীত সন্ধানহীন। কেব’ল ব্ৰীজখন ভাঙি পৰাত প্ৰায় ৫০০ জন লোক নদীত পৰি যায়। বহু লোকৰ মৃত্যু হোৱাৰ আশংকা।

ষট পূজাৰ উখল মাখল পৰিৱেশ মাজতে গুজৰাটত সংঘটিত হৈছে এক ভয়ংকৰ দুর্ঘটনা। গুজৰাটৰ মৰবীত মচ্ছু নদীৰ ওপৰত থকা এখন কেব’ল ব্ৰীজ ভাঙি পৰাত প্ৰায় ৫০০ জন লোক নদীত পৰি যায়। এই ভয়ংকৰ দুর্ঘটনাত ৩০ জনতকৈও অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। নদীৰ বুকুত বহু লোক সন্ধানহীন হৈ আছে বুলিও জানিব পৰা গৈছে।

কেব’ল ব্ৰীজখন পাঁচদিন পূৰ্বে মেৰামতি কৰি মুকলি কৰা হৈছিল। বিগত সাত মাহ ধৰি কেব’ল ব্ৰীজখনৰ মেৰামতিৰ কাম চলি থকাৰ বাবে ব্ৰীজখন বন্ধ কৰি ৰখা হৈছিল। পাঁচদিন পূৰ্বে মুকলি কৰা কেব’ল ব্ৰীজখনত দেওবাৰে বহু লোকৰ সমাগম ঘটে। ষট পূজা উপলক্ষে ভক্ত সকলৰ লগতে বহু লোকে কেব’ল ব্ৰীজখনৰ ওপৰেৰে যাতায়ত কৰাৰ ফলত এই দুর্ঘটনা সংঘটিত হয়।

একাংশ প্ৰত্যক্ষদর্শীয়ে জানিবলৈ দিয়ে যে দুৰ্ঘটনাৰ সময়ত কেব’ল ব্ৰীজখনত বহু লোক আছিল। দুর্ঘটনাৰ পিছতে আৰক্ষী, এন ডি আৰ এফ বাহিনী আৰু স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই বহু লোকক নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰে। দুর্ঘটনাত আহত লোক সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে টুইট কৰি এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে।

গুজৰাটৰ মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটতযোগে কয়, “কেব’ল ব্ৰীজ খহি পৰা দুৰ্ঘটনাটোত মই গভীৰ শোক প্ৰকাশ কৰিছো। প্ৰশাসনৰ ফালৰ পৰা সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে। আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।” উল্লেখ্য যে পাঁচদিন পূৰ্বে মেৰামতিৰ পিছত মুকলি কৰা কেব’ল ব্ৰীজখন ভাঙি পৰা ঘটনাক সহজে ল’ব পৰা নাই ৰাইজে।