মেঘালয় : গৱেষণা আৰু উদ্ভাৱনক কেন্দ্ৰবিন্দু হিচাপে লৈ ইউনিভাৰ্চিটী অব চায়েন্স এণ্ড টেকন’লজি মেঘালয় (USTM)য়ে ‘২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বগুৰুত পৰিণত কৰাত গৱেষকসকলৰ ভূমিকা” শীৰ্ষক উত্তৰ পূবৰ গৱেষক শিক্ষার্থী অভিৱৰ্তন আয়োজন কৰে। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বাঙ্গালোৰৰ সঞ্চালক অধ্যাপক গোবিন্দ ৰংগাৰাজনে অভিৱৰ্তনত মুখ্য অতিথিৰূপে ভাষণ প্ৰদান আগবঢ়ায়।

উদ্বোধনী অনুষ্ঠানত এনএএচি, বাঙ্গালোৰৰ উপ-পৰামৰ্শদাতা ড০ এছ শ্ৰীবাস্তৱে ইউএছটিএমৰ আচাৰ্য মহবুবুল হক, উপাচাৰ্য অধ্যাপক জি ডি শৰ্মা, অন্যান্য গণ্যমান্য অতিথিসকল আৰু অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৬০০ ৰো অধিক গৱেষক বিদ্যাৰ্থীৰ উপস্থিতিত ভাষণ প্ৰদান কৰে। ইউএছটিএমে গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত উৎকৃষ্ট অৱদান আগবঢ়োৱাৰ বাবে ২৭ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক পুৰস্কৃত কৰে। এই সন্মানসমূহ অৰ্পণ কৰা হয় অধ্যাপক গোবিন্দ ৰংগাৰাজনৰ দ্বাৰা। গোবিন্দ ৰংগাৰাজনে দেওবাৰে বিশ্ববিদ্যালয়খনত অনুষ্ঠিত এক অনুষ্ঠানত ইউএছটিএমৰ ইন্টাৰডিছিপ্লিনাৰী ৰিচাৰ্ছ ব্লকটোৰ আধাৰশিলাও স্থাপন কৰে।

বিশ্বৰ বিশ্ববিদ্যালয় ৰেংকিঙত ভাৰতৰ শীৰ্ষ প্ৰতিষ্ঠানৰ সঞ্চালকগৰাকীৰ উপৰিও অভিৱৰ্তনত ভাষণ প্ৰদান কৰা অন্য বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছে এআইচিটিই, নতুন দিল্লীৰ পৰামৰ্শদাতা ড০ আৰ কে ছোনী, ইউজিচি উত্তৰ পূব কাৰ্যালয়ৰ উপ সচিব ড০ গোপী চান্দ মেৰুগু, মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা ড০ সন্ন্যাসী এলুমালাই, আইআইটি গুৱাহাটীৰ প্ৰদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক সৌৰভ বসু, আইআইটি গুৱাহাটীৰ কেমিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক আৰু ডীন আৰ এণ্ড ডি, অধ্যাপক বিমল কাটিয়াৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক অখিল ৰঞ্জন দত্ত।

অনুষ্ঠানটোত সম্বোধন কৰি গোবিন্দ ৰংগাৰাজনে কয় যে গৱেষকসকলে সামাজিকভাৱে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গৱেষণা কৰা উচিত। তেওঁ আৰু কয় যে, ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ই যথেষ্ট অৰিহণা যোগাব। অভিৱৰ্তনৰ দুটা মুখ্য সত্ৰত ‘সামাজিক পৰিবৰ্তনৰ বাবে পৰিণাম ভিত্তিত গৱেষণা’ আৰু ‘গুণগত গৱেষণাৰ সুযোগসমূহ আৰু বৰ্তমান পৰিস্থিতিত গৱেষকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ’ৰ ওপৰত আলোচনা কৰা হয়।

অভিৱৰ্তনৰ মূল উদ্দেশ্য হৈছে ইউএছটিএম আৰু উত্তৰ পূবৰ অন্য প্ৰতিষ্ঠানৰ দ্বাৰা চলাই থকা গৱেষণাৰ কাম কাজক বিশিষ্ট বিজ্ঞানী, শিক্ষক আৰু বিদ্যাৰ্থীৰ মাজত চিন্তা ভাৱনাৰ বিনিময়ৰ এক মঞ্চ প্ৰদানেৰে প্ৰদৰ্শন কৰা লগতে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বগুৰু কৰাত দেশৰ উন্নয়ন ত্বৰাম্বিত কৰাৰ লক্ষ্যৰে উন্নয়নমূলক গৱেষণা প্ৰকাশ কৰাত গৱেষক বিদ্যাৰ্থীসকলক অনুপ্ৰাণিত কৰা। গৱেষকসকল আৰু সংশ্লিষ্ট বিশেষজ্ঞসকলৰ মাজত অনুষ্ঠিত হোৱা এক উৎসাহপূৰ্ণ মত বিনিময় সত্ৰৰে অভিৱৰ্তনৰ সামৰণি পৰে।