দেৰগাঁও, ১৬ নৱেম্বৰ: গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দা ধৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি মহিলাৰ কেইবাটাও সংগঠনে বান্দৰৰ সমস্যা সমাধানৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। উল্লেখ্য যে, দেৰগাঁও অঞ্চলৰ অন্তৰ্গত দাধৰা, কাকডোঙা, বঙাল গাঁও, মিছামৰা তথা দেৰগাঁৱৰ দাতিকাষৰিয়া অঞ্চলৰ স্থানীয় ৰাইজে দীৰ্ঘদিনৰে পৰা বান্দৰৰ উপদ্ৰৱৰ সমস্যা ভুগি আহিছে যদিও শাসনাধিষ্ঠ চৰকাৰ সমূহে ইয়াৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্রত বাৰম্বাৰ ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত ৰাইজে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ এঘণ্টাৰো অধিক সময় অৱৰোধ কৰে। ঘাইপথ অৱৰোধৰ ফলত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। উল্লেখযোগ্য যে, বান্দৰৰ উপদ্ৰৱৰ বাবে স্থানীয় ৰাইজে বাৰীৰ শাক-পাছলি, গছপুলি আদি ৰোপন কৰিব নোৱাৰাৰ লগতে পাক ঘৰতো ভাত ৰান্ধি থৈ যাব নোৱাৰা অৱস্থা হোৱাৰ লগতে বান্দৰৰ আক্ৰমনৰ দ্বাৰা কেইবাজনো লোক আহত হ’বলগীয়া হৈছে বহুদিনৰেপৰা। আজি সদৌ অসম বাৰ্লাক মহিলা মঞ্চ, দাধৰা জাগৰন মহিলা সমিতিকে ধৰি বিভিন্ন মহিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰা হয়। প্ৰতিবাদস্থলীত দেৰগাঁও ৰাজহ চক্ৰ বিষয়া হোমেন গোহাঁই বৰুৱা, দেৰগাঁৱৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদি ব্যক্তিসকল উপস্থিত হৈ প্ৰতিবাদকাৰীৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ কৰি সমস্যা সমাধানৰ আশ্বাস দিয়াত পথ অৱৰোধ উঠাই লয়।