মিৰ্জাৰ পৰা অজয় দাস, ১৭ নৱেম্বৰঃ  বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বঙৰা পাছনীয়াপৰা মজলীয়া বিদ্যালয়ত প্ৰধান শিক্ষয়ত্ৰী হিচাপে যোগদান কৰিবলৈ আহি স্থানীয় ৰাইজ আৰু অভিভাৱকৰ বিৰোধৰ সম্মুখীন হব লগা হল শিক্ষয়ত্ৰীৰ। বিদ্যালয়খনত চৰকাৰে প্ৰধান শিক্ষয়ত্ৰী হিচাপে নিযুক্তি দিয়া নিৰোদা দাস আজি যোগদান কৰিবলৈ অহাত স্থানীয় ৰাইজ আৰু অভিভাৱকসকলে নিৰোদা দাসক বিদ্যালয়ত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে। বঙৰা পাছনীয়াপৰা মজলীয়া বিদ্যালয়খন ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষাক হেৰম্ব চৌধুৰীৰ নেতৃত্বত বিভিন্ন ক্ষেত্ৰত সুনাম কঢ়িয়াবলৈ সক্ষম হোৱাত স্থানীয় ৰাইজ তথা শিক্ষাৰ্থীসকলৰ অভিভাৱকসকল বিদ্যালয়খন ভাৰপ্ৰাপ্ত শিক্ষকৰ নেতৃত্বত থকাৰ দাবী জনায়। প্ৰধান শিক্ষয়ত্ৰীৰ যোগদানক লৈ বিদ্যলয়খনত এক উত্তপ্ত পৰিস্থিতিত সৃষ্টি হোৱাৰ লগতে অভিভাৱকসকলে অভিযোগ কৰে যে নিৰোদা দাসে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰে। আনহাতে নিৰোদা দাসে অভিযোগ কৰে যে এই সকলোবোৰ ঘটনা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ ষড়যন্ত্ৰ।