গোৱালপাৰা, ১৬ নৱেম্বৰ: গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত বিস্তৃত অঞ্চল হাতীৰ তাণ্ডব অব্যাহত থকাৰ সময়তে আজি সংঘটিত হয় এক কৰুণ ঘটনা৷ জানিব পৰা মতে, আজি ৰংজুলি সংমণ্ডৰ ছাটাবাৰি গাঁৱৰ সমিপৰ খেতিপথাৰত এটি বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। স্থানীয় লোকে হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ খেতিপথাৰত বৈদ্যুতিক তাঁৰ সংযোগ কৰিছিল আৰু এই বৈদ্যুতিক তাঁৰত লাগি হাতীটো মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। আনহাতে এই মৃত হাতীটোৰ দাঁত আৰু শুৰ কোনোবা দুৰ্বৃত্তই কাটি লৈ যোৱা প্ৰত্যক্ষ কৰা হৈছে। উল্লেখযোগ্য যে, যোৱা বছৰো এই এলেকাতে দুটাকৈ বন্যহস্তীৰ কৰুন মৃত্যু হৈছিল৷ আনহাতে ৰংজুলি এই ৰংজুলি সংমণ্ডলৰ এই বৃহৎ অঞ্চলটোত বিগত ২০  বছৰ ধৰি এনেকৈ হাতী মানুহৰ সংঘাত অব্যাহত আছে বুলি জানিব পৰা গৈছে। বিগত সময়চোৱাত হাতীবোৰে খেতিপথাৰৰ উপৰিও গাঁও বস্তিত তাণ্ডৱ চলাই আহিছে৷ কেতিয়াবা যদি হাতীৰ মৃত্যু আন কেতিয়াবা আকৌ হাতীৰ আক্ৰমণত মানুহৰ মৃত্যু৷  কালিও ৰংজুলি কাহিবাৰীত হাতীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হোৱাৰ পিছত আজি এই হাতীটোৰ কৰুণ মৃত্যু হয়। আনহাতে খেৰোপাৰা, জিয়াগুৰী, কানকাটা, ছাটাবাৰি, কাহিবাৰী আদি এই অঞ্চলত অৰ্থনৈতিকভাৱে জুৰুলা কৰি পেলাইছে এই বন্যহস্তীবোৰে। খেতিপথাৰৰ ধান এফালৰ পৰা তহিলং কৰাত একাংশ কৃষকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা৷ এই ক্ষেত্ৰত বন বিভাগৰ লোক একেবাৰে নিমাত বুলি মত প্ৰকাশ কৰে একাংশ লোকে। প্ৰতি বছৰে চাৰি-পাঁচ মাহ মান হাতীৰ উপদ্ৰৱ থাকে এই অঞ্চলত আৰু এই সময়চোৱাত এদিনো বন বিভাগৰ লোকে খবৰ নলয় বুলি অভিযোগ কৰিছে সচেতন মহলে৷