গুৱাহাটী, সংবাদ ৩৬৫, ৬ নৱেম্বৰ : বিদ্যালয়সমূহত নিম্ন মানদণ্ডৰ খাদ্য মধ্যাহ্ন ভোজনত পৰিবেশন কৰোৱাত ক্ষোভিত ফাটি পৰিছিল শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ৰন্ধন কৰ্মচাৰী, সাধাৰণ জনতাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলো। এই নিম্ন মানদণ্ডৰ খাদ্যক লৈ হোৱা ঘটনাবোৰ প্ৰথমতে আওকাণ কৰি আহিছিল যদিও এতিয়া যেন বিশ্বাস কৰিবলৈ বাধ্য হৈছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

এতিয়াৰে পৰা হঠাতে আহি পৰীক্ষা কৰিব মন্ত্ৰী ভট্টাচাৰ্যই মধ্যাহ্ন ভোজন। উপযুক্ত মানদণ্ডৰ খাদ্য যোগান ধৰিব নোৱাৰিলে এন জি অ’সমূহৰ সৈতে হোৱা চুক্তি বাতিল কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

ইফালে পূৰ্বৰ ৰান্ধনী-সহায়িকাৰ চাকৰিৰ ক্ষেত্ৰতো নিলম্বন কৰাৰ কোনো পৰিকল্পনা নাই বুলি কয় সোমবাৰে মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এক বৈঠকত। মন্ত্ৰীগৰাকীয়ে কয় যে ৰান্ধনীসকলৰ কামৰ বুজা হ্ৰাস কৰিবলৈহে এন জি অ’ৰ হাতত অৰ্পণ কৰা হৈছে ।