নিউজ ডেস্ক : হজৰত মিৰ্জা গুলাম আহমদ কাদিয়ানীয়ে ১৮৯১ চনত কাদিয়ানত সৰ্বশক্তিমান আল্লাহৰ আদেশ অনুসৰণ কৰি এই বাৰ্ষিক সমাৱেশ প্ৰতিষ্ঠা কৰিছিল। এই অধিৱেশনে আন্তঃধৰ্মীয় সম্প্ৰীতিৰ বাবে এক বৃহৎ দৃষ্টিভংগীক প্ৰসাৰিত কৰিছিল। এই বাৰ্ষিক আধ্যাত্মিক অধিৱেশনত অংশগ্ৰহণ কৰা বিভিন্ন ধৰ্মৰ নেতাসকলে নিজ নিজ ধৰ্মৰ শিক্ষাৰ পোহৰত শান্তি, আন্তঃধৰ্মীয় ঐক্য আৰু সম্প্ৰীতি প্ৰতিষ্ঠা সম্পৰ্কে নিজৰ মতামত ভাগ-বতৰা কৰে।

আহমদিয়া মুছলিম জামাআতৰ প্ৰতিষ্ঠাপক হজৰত মিৰ্জা গুলাম আহমদ কাদিয়ানীয়ে বিশেষভাৱে পৰামৰ্শ দিছিল যে প্ৰতিটো ধৰ্মৰ নেতা আৰু তেওঁলোকৰ ধৰ্মীয় আৱেগক সন্মান কৰিব লাগে।
আজিৰ দিনত বিশ্বই তৃতীয় বিশ্বযুদ্ধৰ দিশে আগবাঢ়িছে, আহমদিয়া মুছলিম সম্প্ৰদায়ৰ পঞ্চম খলিফা হজৰত মিৰ্জা মাছৰূৰ আহমদ (আল্লাহ তেওঁৰ সহায়ক হওক)য়ে বিশ্বত শান্তি প্ৰতিষ্ঠা আৰু ইয়াক লাভৰ বাবে বিশেষ গুৰুত্ব দিয়ে। তেওঁ সকলোকে প্ৰতিটো স্তৰতে ন্যায় আৰু ন্যায়পৰায়ণতা কৰিবলৈ পৰামৰ্শ দিছে। এই সন্দৰ্ভত তেওঁ বিশ্বৰ বিভিন্ন সংসদত বক্তৃতা প্ৰদান কৰাৰ লগতে ৰাজ্যসমূহৰ নেতাসকললৈ চিঠি লিখিছে।

ভাষণ আৰু বক্তৃতাসমূহ ‘বিশ্ব সংকট আৰু শান্তিৰ পথ’ নামৰ কিতাপখনত উপলব্ধ। কাদিয়ানৰ এই বাৰ্ষিক অধিৱেশনত বিভিন্ন ধৰ্মৰ নেতা, ৰাজনীতিবিদ, গণ্যমান্য ব্যক্তি আৰু কাদিয়ানৰ পৰা অহা বৃহৎ সংখ্যক চুবুৰীয়াইও অংশগ্ৰহণ কৰে। এই অধিৱেশনত অংশগ্ৰহণ কৰা প্ৰতিজন ব্যক্তিয়ে আহমদিয়া মুছলিম সম্প্ৰদায়ক শান্তি বজাই ৰখাৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে শলাগ লৈছে আৰু লগতে তেওঁলোকৰ মূলমন্ত্ৰ “সকলোৰে প্ৰতি প্ৰেম, কাৰো প্ৰতি ঘৃণা”ৰ বাবে প্ৰশংসা কৰিছে।