নিউজ ডেস্ক, ২৯, ২০২৩ : মদিনা মছজিদৰ ওচৰত বিস্ফোৰণ। বিস্ফোৰণত নিহত ৫২ জন লোক (52 Killed in Blast), আহত ১৩০ জনতকৈও অধিক। নিহত সংখ্যা বৃদ্ধি পোৱাৰ আশংকা। মছজিদৰ ওচৰত মিলাদ-উন-নবী উদযাপনৰ বাবে একত্ৰিত হৈছিল হাজাৰ হাজাৰ লোক। আত্মঘাতী বিস্ফোৰণ বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

পাকিস্তানত এক ভয়ংকৰ বিস্ফোৰণত ৫২ জনকৈ লোকৰ মৃত্যু হৈছে। এই বিস্ফোৰণত ১৩০ জনতকৈও অধিক লোক আহত হৈছে। আহত সকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক, গতিকে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। পাকিস্তানৰ বলুচিস্থান প্ৰান্তত মদিনা মাছজিৰ ওচৰত সংঘটিত হৈছে এই বিস্ফোৰণ।

ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ মিলাদ-উন-নবী উদযাপনৰ বাবে মদিনা মছজিদৰ ওচৰত হাজাৰ হাজাৰ লোক একত্ৰিত হৈছিল। পাকিস্তানৰ এহৰকী শীর্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে এইয়া এক আত্মঘাতী আক্ৰমণ আছিল। এগৰাকী আৰক্ষী বিষয়াৰ বাহনৰ কাষত এই আত্মঘাতী বিস্ফোৰণ ঘটোৱা হয়। বলুচিস্থানৰ মাছটুং জিলাত ছেপ্টেম্বৰ মাহৰ এইটো দ্বিতীয়টো বিস্ফোৰণ।

মিলাদ-উন-নবী উপলক্ষে এক শোভাযাত্ৰা বাহিৰ কৰাৰ উদ্দেশ্যে মদিনা মছজিদৰ ওচৰত লোক সকল একত্ৰিত হৈছিল। এই আত্মঘাতী বিস্ফোৰণত নৱাব গছকৌৰী নামৰ এগৰাকী আৰক্ষী বিষয়াৰো মৃত্যু হৈছে। বিস্ফোৰণত আহত হোৱা লোক সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমানলৈকে কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব লোৱা নাই।

উল্লেখ্য যে পাকিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপ দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। বলুচিস্থানৰ মাছটুং জিলা এটা সময়ত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কেন্দ্ৰ আছিল। জামিয়াত উলেম-এ-পাকিস্তানে এই আত্মঘাতী বিস্ফোৰণ গৰিহণা দিছে। কিছুদিন পূৰ্বে মাছটুংত সংঘটিত হোৱা এক বিস্ফোৰণত ১১ জনকৈ লোকৰ মৃত্যু হৈছিল।