যোৰহাট, ২৯ ছেপ্টেম্বৰ, ২০২৩ : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজনে। বনৰীয়া হাতীৰ আক্ৰমণত (Elephant Terror) এজন বনকর্মী নিহত হোৱাৰ লগতে আহত হৈছে তিনিজনকৈ বনকর্মী। বনৰীয়া হাতীৰ জাক খেদিবলৈ গৈ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাই এজন বনকৰ্মীয়ে। আনহাতে গুৰুত্বৰভাৱে আহত হয় তিনিজনকৈ বনকর্মী। আহত বনকর্মী তিনিজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি।

ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। ৰাজ্যৰ কেইবাখনো জিলাত বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত ক্ৰমাৎ দিনক দিনে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যত প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত বাতৰিৰ শিৰোনামা দখল কৰি আহিছে। কেতিয়াবা যদি এই সংঘাতৰ ফলত প্ৰাণ হেৰুৱাই মানুহে, কেতিয়াবা আকৌ মৃত্যুৰ মুখত পৰে বনৰীয়া হাতী।

বনাঞ্চল ধ্বংসৰ ভয়াবহ পৰিনাম ভুগিছে মানৱ জাতিয়ে। অসমত বনাঞ্চল ধ্বংসৰ ফলত বাসস্থান হেৰুৱাই বিপদত পৰিছে বন্যপ্ৰাণী সমূহ। বাসস্থান আৰু খাদ্যৰ অভাৱত জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰাণী সমূহ। ৰাজ্যত প্ৰায়ে নাহৰফুটুকী বাঘ আৰু হাতী খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা দেখিবলৈ পোৱা যায়। বনৰীয়া হাতীৰ জাক প্ৰায় প্ৰতিদিনে জনাঞ্চললৈ ওলাই অহা বুলি কলেও ভুল নহ’ব।

গোৱালপাৰা, ওদালগুৰি, গোলাঘাটৰ লগতে যোৰহাট জিলাত বনৰীয়া হাতীৰ উপদ্ৰৱত উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে ৰাইজে। বৃহস্পতিবাৰে নিশাৰ ভাগত যোৰহাট জিলাৰ তিতাবৰৰ বিজয় নগৰত বনৰীয়া হাতীৰ এটা জাকে সন্ত্ৰাসৰ সৃষ্টি কৰে। গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰি বিস্তৰ ক্ষতি সাধন কৰে।

বনৰীয়া হাতীৰ জাকটোৰ সন্ত্ৰাসত আতংকিত হৈ গঞা ৰাইজে উজাগৰী নিশা পাৰ কৰিবলগীয়া হয়। বনৰীয়া হাতীৰ তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ ৰাইজে ৰাজপথ জুই জ্বলাই পহৰা দিবলগীয়া হয়। ৰাইজে বনৰীয়া হাতীৰ জাকটোৰ সন্দৰ্ভত বন বিভাগকো খবৰ দিয়ে। খবৰ পাই বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বনৰীয়া হাতীৰ জাকটোক খেদি পঠোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰে। বন বিভাগৰ লোকে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা চলাই থকা সময়তে বনৰীয়া হাতীৰ আক্ৰমণত এজন বনকর্মী নিহত হয়।

আনহাতে, তিনিজনকৈ বনকর্মী গুৰুত্বৰভাৱে আহত হয় বনৰীয়া হাতীৰ আক্ৰমণত। আহত তিনিওজনকে সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা বনকর্মীজন হৈছে অতুল কলিতা। আহত তিনি বনকর্মী হৈছে ক্ৰমে পৰাগজ্যোতি দত্ত, গীৰেন মাহাতু আৰু ৰাজীৱ বুঢ়াগোহাঁই। অঞ্চলটোত প্ৰায়ে বনৰীয়া হাতীয়ে তাণ্ডৱ চলায় বুলি জানিব পৰা গৈছে।