Sharfaraz Khan 

গুৱাহাটী : বাল্য বিবাহৰ (Child Marriage) বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। বাল্য বিবাহ কৰা আৰু ইয়াৰ লগত জড়িত থকা সকলৰ বিৰুদ্ধে বিগত দুদিন ধৰি আৰক্ষীৰ তীব্ৰ অভিযান। ইতিমধ্যে বাল্য বিবাহৰ লগত জড়িত ২০৪৪ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিন্তু হঠাৎ কিয় বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষীয়ে ?

ৰাজ্য চৰকাৰৰ বাল্য বিবাহ বিৰোধী অভিযান ৰাজ্যজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এফালে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে সমাজৰ বিভিন্ন মহলে, আনফালে বাল্য বিবাহৰ লগত জড়িত সকলৰ পৰিয়ালৰ মাজত দেখিবলৈ পোৱা গৈছে হাহাকাৰ। অসম আৰক্ষী নৱনিযুক্ত সঞ্চালক প্ৰধান জি পি সিঙে এক সংবাদ মেলত জানিবলৈ দিয়ে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাল্য বিবাহৰ লগত জড়িত থকা ২০৪৪ জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিয়ে যে বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু কৰা ৪০৭৪ টা গোচৰৰ সন্দৰ্ভত অভিযান চলাই ২০৪৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয় “দুমাহ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছিল আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আৰক্ষীয়ে দুমাহ পূৰ্বৰ পৰা তদন্ত চলাই আছিল”।

প্ৰথম পৰ্যায়ত আৰক্ষীয়ে ২০২০ ৰ পৰা ২০২২ পৰ্যন্ত বাল্য বিবাহৰ লগত জড়িত লোক সকলৰ তথ্য সংগ্ৰহ কৰিছে বুলিও সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিয়ে। বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলিও জানিবলৈ দিয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে। বৰ্তমানলৈকে গ্ৰেপ্তাৰ হোৱা লোক সকলৰ ভিতৰত বাল্য বিবাহ কৰা স্বামীৰ লগতে বিবাহৰ লগত জড়িত থকা লোক সকলো আছে।

উল্লেখ্য যে বাল্য বিবাহৰ লগত জড়িত থকা ৫২ গৰাকী কাজী, মৌলানা আৰু পুৰোহিতো আৰক্ষীৰ জালত পৰিছে। ইফালে গোচৰৰ সংখ্যা ৮ হাজাৰলৈ বৃদ্ধি পাইছে। ১৯২৯ চনৰ আইন অনুসৰি, ১৪ বছৰৰ তলৰ ছোৱালী আৰু ১৮ বছৰৰ তলৰ ল’ৰাৰ বিবাহ নিষিদ্ধ কৰা হৈছিল। বিবাহৰ ক্ষেত্ৰত মহিলা সকলৰ বাবে নিম্নতম বয়স ১৮ আৰু পুৰুষৰ ক্ষেত্ৰত ২১ বছৰলৈ বৃদ্ধি কৰিবলৈ ১৯৭৮ চনত আইনখন সংশোধন কৰা হৈছিল।