খাৰুপেটীয়া : শূণ্য সহনশীলতাৰ শ্ল’গানেৰে ৰাজ্যৰ শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ বিভাগে বিভাগে অবাধ দুৰ্নীতি আৰু লুণ্ঠনৰাজ চলি থকাৰ অভিযোগ। অসম চৰকাৰৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি আৰু বিসংগতি সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ দুখীয়াৰ বাবে অবন্তিত সুলভ মূল্যৰ চাউল (PDS Rice) বিতৰণত লুণ্ঠনৰাজ।

যোগান বিভাগৰ বৰমূৰীয়াৰে মিলি দুখীয়াৰ বাবে অবন্তিত সুলভ মূল্যৰ চাউল বিতৰণত লুণ্ঠনৰাজ চলোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰাইজে। দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত খাৰুপেটীয়াৰ বৰুৱাঝাৰ সমবায়ৰ দুৰ্নীতিগ্ৰস্ত সম্পাদক শ্বহীদুল ইছলামে এএছ-১২-বিচি-২০১০ নম্বৰৰ এখন ডি আই গাড়ী ভৰ্তি চাউল কলা বজাৰত বিক্ৰীৰ বাবে নি থকা অৱস্থাত আৰক্ষীয়ে হাতে লোটে জব্দ কৰে চাউলখিনি। আৰক্ষীয়ে অভিযানকালত ডি আই গাড়ী ভৰ্তি চাউলখিনি জব্দ কৰাৰ লগতে গাড়ীখনৰ চালক আৰু আন এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

দৰং আৰক্ষীৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই খাৰুপেটীয়া আৰক্ষীৰ সহযোগত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বিক্ৰীৰ বাবে নি থকা অৱস্থাত সুলভ মূল্যৰ চাউলখিনি জব্দ কৰে। খাৰুপেটীয়াৰ বিহুদিয়া গাঁৱৰ পৰা চাউল ভৰ্তি ডি আই গাড়ীখন জব্দ কৰাৰ লগতে গাড়ীখনৰ চালক আৰু আন এজন লোকক আৰক্ষীয়ে আটক কৰি থানালৈ নিয়ে। আৰক্ষীয়ে জানিবলৈ দিয়ে ৭০ বস্তা চাউল বৰুৱাঝাৰ সমবায়ৰ সম্পাদক শ্বহীদুল ইছলামে নিজৰ ডি আই গাড়ীৰে বিক্ৰীৰ বাবে আনিছিল। ইয়াৰ পুৰ্বেও শ্বহীদুল ইছলাম নামৰ দুৰ্নীতিগ্ৰস্ত সম্পাদকজনৰ বিৰুদ্ধে সমবায়ৰ চাউল কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছিল।

বৰুৱাঝাৰ সমবায়ৰ সম্পাদক শ্বহীদুল ইছলামে সমবায়ৰ বিভিন্ন শিতানৰ ধন আত্মসাত কৰি আহিছে বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। কিছুদিন পূৰ্বেও শ্বহীদুল ইছলামৰ নাম চাউল কেলেংকাৰীৰ লগত সাঙোৰ খাইছিল। ৰাইজে শ্বহীদুল ইছলামৰ দুৰ্নীতিৰ বিৰুদ্ধে কেইবাবাৰো যোগান বিভাগত অভিযোগ দাখিল কৰিছিল যদিও আজিলৈক যোগান বিভাগে শ্বহীদুল ইছলামৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ৰাইজে জানিবলৈ দিয়ে।

ইফালে আৰক্ষীয়ে জব্দ কৰা সুলভ মূল্যৰ চাউলখিনিৰ সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে তদন্তৰ আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতে সকলো পোহৰলৈ আহিব। ইফালে চকু মুদা কুলিৰ ভাও দি থকা যোগান বিভাগে বৰুৱাঝাৰ সমবায়ৰ সম্পাদক শ্বহীদুল ইছলামৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব এইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব। ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰুৱাঝাৰ সমবায়ৰ সম্পাদক শ্বহীদুল ইছলামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে।