আজিজ আলী
মুকালমুৱা : মা ৰূপহী নাও দলে খিতাপ অর্জন কৰিলে পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ (Traditional Boat Racing Competition)। পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাখন চাবলৈ লোকে লোকাৰণ্য হৈ পৰে নৈৰ দুয়োপাৰ। ১০ খন নাৱে অংশগ্ৰহণ কৰিছিল প্ৰতিযোগিতাখনত।

নামনি অসমত অতিকৈ জনপ্ৰিয় খেল নাও খেল প্ৰতিযোগিতা। প্ৰতিবছৰে নামনি অসমৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত কৰা হয় নাও খেল প্ৰতিযোগিতা। বানৰ পিছতে নামনি অসমত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা যায়। প্ৰতিবছৰৰ দৰে এইবাৰো বানৰ পিছত নামনি অসমৰ বিশেষকৈ নলবাৰী, বৰপেটা, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অনুষ্ঠিত কৰা হৈছে নাও খেল প্ৰতিযোগিতা।

নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কেইবাটাও নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। বুধবাৰে পুনৰ জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ অন্তৰ্গত ২ নং লোহাৰকাঠাত পাগলাদীয়া নৈৰ বুকুত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ২ নং লোহাৰকাঠাৰ উদীয়মান যুৱকৰ সৌজন্যত অসম ভিত্তিত এই নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

নাও খেল প্ৰতিযোগিতাখনত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১০ খনকৈ নাৱে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনৰ ৰোমাঞ্চকৰ চূড়ান্ত খেলখন মা-ৰূপহী আৰু জোনতৰা নাও দলৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত খেলখন মা ৰূপহী নাও দলে জয়লাভ কৰি প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। পাগলাদীয়া নৈৰ বুকুত অনুষ্ঠিত হোৱা এই পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাখন চাবলৈ পাগলাদীয়া নৈৰ দুয়োপাৰ লোকে লোকাৰণ্য হৈ পৰে পৰিলক্ষিত হয়।

হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰে ৰোমাঞ্চকৰ নাও খেল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন। উল্লেখ্য যে আধুনিককতাৰ ধামখুমীয়া তথা যান্ত্ৰিকতাৰ পয়োভৰত সমাজ জীৱনৰ পৰা ক্ৰমান্বয়ে হেৰাই যোৱাৰ উপক্ৰম হৈছে গ্ৰামাঞ্চলৰ এই পৰাম্পৰাগত নাও খেল প্ৰতিযোগিতা। প্ৰতি বছৰে নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি অঞ্চলটোৰ সকলো লোকৰ মাজত সমন্বয় আৰু ভাতৃত্তবোধ অটুট ৰাখিবলৈ প্ৰয়াস কৰা হয় বুলি উদ্যোগতা সকলে জানিবলৈ দিয়ে।