নগাঁও : ভিক্টৰ দাস, জয়া কলিতাৰ পিছত এইবাৰ আমিনুল হকৰ বিস্ফোৰণ। ভিক্টৰ দাসক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে সংবাদ মাধ্যমত তোলপাৰ লগাইছিল জয়া কলিতা নামৰ এগৰাকী যুৱতীৰ অভিযোগ। জয়া কলিতাই সংবাদ মাধ্যম গৰম কৰি ৰখাৰ মাজতে এইবাৰ বিস্ফোৰণ ঘটালে আমিনুল হকে।

বিগত কিছুদিন ধৰি ৰাজ্যৰ সংবাদ মাধ্যমৰ বিগ ব্ৰেকিং (Big Breaking) অসম চৰকাৰৰ চাকৰিত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰীৰ অভিযোগ। কেতিয়াবা যদি শেহতীয়াকৈ পৰীক্ষা অনুষ্ঠিত হৈ যোৱা অসম চৰকাৰৰ ২৬ হাজাৰ পদত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগৰ বাতৰি, কেতিয়াবা ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভাৱেশ কলিতাৰ বিৰুদ্ধে চাকৰি দিয়াৰ নামত ধন দাবী কৰাৰ অভিযোগৰ বাতৰি। ইয়াৰ মাজতে জলসম্পদ বিভাগত ভুৱা নিযুক্তিৰ তালিকা প্ৰস্তুত কৰি ৭ জনকৈ দালাল আৰক্ষীৰ জালত পৰাৰ বাতৰি।

এটাৰ পিছত আনটো চৰকাৰী চাকৰিৰ দুৰ্নীতিৰ অভিযোগৰ বাতৰিৰ মাজতে এইবাৰ চকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ উত্থাপন কৰিলে নগাঁও জিলাৰ ৰূপহীহাটৰ এজন যুৱকে। আমিনুল হক নামৰ এজন যুৱকে ফেচবুক পোষ্ট কৰি নিযুক্তি প্ৰক্ৰিয়াত বিসংগতি সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে ৰূপহিহাটৰ হাতীপুখুৰী গাঁৱৰ আমিনুল হক নামৰ যুৱকজনে।

উল্লেখ্য যে যোৱা ১৩ মাৰ্চত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চতুৰ্থ বৰ্গৰ ১৮৮ টা পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। লিখিত পৰীক্ষাত এজন পৰীক্ষাৰ্থীয়ে উকা বহী জমা দিয়া বুলি আমিনুল হকে ১৩ মাৰ্চত এটা ফেচবুক পোষ্ট কৰিছিল। আমিনুল হকে পৰীক্ষাৰ্থীজনে উকা বহী জমা দিয়াৰ বিৰোধিতা কৰিছিল বুলিও জানিবলৈ দিয়ে।

ইফালে মঙলবাৰে ঘোষণা কৰা হয় লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চতুৰ্থ বৰ্গৰ ১৮৮ টা পদৰ পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণাৰ পিছত পুনৰ ফেচবুকত এটা পোষ্ট কৰি বিস্ফোৰণ ঘটাই এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰে আমিনুল হক নামৰ যুৱকজনে। ফেচবুক পোষ্টত উকা বহী জমা দিয়া পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে আমিনুল হকে।