গুৱাহাটী : প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাই আছে ক’ভিড আক্রান্তৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ৭ হাজাৰ ৯২৯ জন লোক নতুনকৈ আক্রান্ত হৈছে ক’ভিডত। মৃত্যুৰ হৈছে ১২ জনকৈ ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ১ হাজাৰ ৯৬০ জন। বুধবাৰৰ তুলনাত বৃহস্পতিবাৰে ৰাজ্যত ক’ভিড আক্রান্তৰ সংখ্যা সামান্য হ্ৰাস পাইছে যদিও সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে।

ৰাজ্যত অধিক ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ১২.৯২ শতাংশলৈ বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত মুঠ ৬১ হাজাৰ ৩৫৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৭ হাজাৰ ৯২৯ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি।

আনহাতে এই সময়ছোৱাত ৰাজ্যত মৃত্যুৰ মুখত পৰে ১২ জন ক’ভিড আক্রান্ত লোক। বৃহস্পতিবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ১ হাজাৰ ৯৬০ জন। বৃহস্পতিবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। ১ হাজাৰ ৭১৬ জন লোক কামৰূপ মহানগৰ জিলাত বৃহস্পতিবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয়।

কামৰূপ মহানগৰ জিলাৰ পিছতে আছে ডিব্ৰুগড় জিলা। ডিব্ৰুগড়ত আক্রান্ত হৈছে ৪৮৬ জন লোক। ইয়াৰ পৰিবৰ্তে কামৰূপ গ্ৰাম্য জিলাত ৪২৪ জন আৰু কাছাৰ জিলাত ৪২২ জন লোক আক্রান্ত হৈছে। মৃত্যুৰ মুখৰ পৰা ১২ জনৰ ভিতৰত ২ জনকৈ লোক যোৰহাট আৰু নগাঁও জিলাৰ আৰু ১ জনকৈ লোক বঙাইগাঁও, কাছাৰ, ধেমাজি, গোৱালপাৰা, কামৰূপ গ্ৰাম্য আৰু নালবাৰী জিলাৰ।