গুৱাহাটী, ২৭ এপ্ৰিলঃ দিছপুৰ আৰু সোনাপুৰৰ ৰাজহ চক্ৰৰ চক্ৰবিষয়াক অহা ৩০ এপ্ৰিলৰ ভিতৰত খানাপাৰাৰ পৰা যোৰাবাট পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাকৃতিক পানীৰ সোঁত আবদ্ধ হৈ পৰা অঞ্চল সমূহ পৰিষ্কাৰ কৰাৰ লগতে এই অঞ্চলসমূহৰ বেদখল উচ্ছেদ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ ড0 এম অংগমুথুৱে নিৰ্দেশনা জাৰি কৰিছে। উপায়ুক্তই এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ প্ৰকল্প সঞ্চালকক প্ৰয়োজনীয় সাহাৰ্য্য আগবঢ়াবলৈও নিৰ্দেশ দিছে। ইয়াৰ লগতে উপায়ুক্তই গুৱাহাটী মহানগৰীৰ তিনিটা প্ৰধান পথ-জিএছ ৰোড, মহাত্মা গান্ধী পথ আৰু ৰাধাগোবিন্দ পথকেইটা গুৱাহাটী এৰিয়াস্প চক্ৰৰ অধীক্ষক-অভিযন্তাক অহা ১৫ মে’ৰ ভিতৰত মেৰামতি কৰি যাতায়তৰ উপয়ুক্ত কৰি তোলাৰ লগতে পথ বিভাজকসমূহ পৰিষ্কাৰ কৰাৰ বাবেও নিৰ্দেশ দিছে। এই পথ কেইটাত পথ সুৰক্ষা চিহ্ন স্থাপন আৰু পথ বিভাজকৰ মাজত থকা গছ-গছনি সমূহ পৰিষ্কাৰ আৰু নাগৰিকৰ যাতায়তৰ সুবিধাৰ্থে কোনো ক্ষতি নোহোৱাকৈ গছৰ ডাল-পাত কাটি মহানগৰীখনক সু্ন্দৰ কৰি তোলাৰ বাবেও নিৰ্দেশ দিছে। উল্লেখ্য যে, প্ৰাকৃতিক নলা সমূহ বন্ধ হৈ পৰাত আৰু ৰাষ্ট্ৰীয় ঘাইপথত কাষত হোৱা অবৈধ বেদখলৰ ফলত মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে বুলি উপায়ুক্তই জানিবলৈ দিয়ে৷ সেয়ে প্ৰাকৃতিক পানীৰ সোঁত ৰূদ্ধ হৈ পৰা আৰু বেদখল ৰোধ কৰিব নোৱাৰিলে গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা দূৰ কৰা সম্ভৱপৰ নহয়। ইয়াৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা উপায়ুক্তই এই নিৰ্দেশনা জাৰি কৰিছে৷