নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৭ অক্টোবৰ : হিমাচল প্ৰদেশৰ মণিকৰ্ণ উপত্যকাত এটা পাহাৰীয়া নৈত উটি গল গুৱাহাটীৰ এগৰাকী যুৱতী। জানিব পৰা অনুসৰি গুৱাহাটীৰ পৰা হিমাচল প্ৰদেশৰ কুলুলৈ অৱসৰ বিনোদনৰ বাবে গৈছিল গুৱাহাটীৰ মুকেশ জৈনৰ পৰিয়ালটো।

মুকেশ জৈনৰ পৰিয়ালটোৰ সদস্য তেওঁৰ কন্যা প্ৰিয়ংকা জৈন(২৬) আৰু এগৰাকী যুৱতীসহ অসমৰ পৰা যোৱা পৰ্যটকৰ দলটোৱে মণিকৰ্ণ উপত্যকাৰ এটা পাহাৰীয়া নদীৰ পানী জুৱলিত থকা পাহাৰীয়া শিলত বহি মনোৰম দৃশ্য উপভোগ কৰি থাকোতেই শিলত পিছলি খৰশ্ৰোতা নদীৰ পানীত পৰি নিখোজ হয় দুগৰাকী যুৱতী।

যুৱতীদুগৰাকীক বিচাৰি উদ্ধাৰকাৰী দলে নদীৰ বুকুত ততালিকে অভিযান চলায় আৰু এগৰাকীক জীৱন্তে উদ্ধাৰ কৰে যদিও মুকেশ জৈনৰ কন্যা প্ৰিয়ংকা জৈনক উদ্ধাৰ কৰিবলৈ অসমৰ্থ হয় উদ্ধাৰকাৰী দলে।

জিলাখনৰ আৰক্ষী অধীক্ষক গৌৰৱ সিনহাই জনোৱা অনুসৰি ঘটনাৰ খবৰ লাভ কৰিয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু নদীৰ বুকুত যুৱতীগৰাকীৰ সন্ধান অব্যাহত ৰাখিছে।

উল্লেখ্য যে যুৱতীগৰাকীৰ লগত থকা কমল নামৰ এজন লোকে স্থানীয় আৰক্ষীক এই খবৰ দিছিল আৰু আৰক্ষীয়ে তেতিয়াৰে পৰা উদ্ধাৰ অভিযান চলায় আছে। যুৱতীগৰাকী মহানগৰীৰ ফাঁচীবজাৰৰ কেডাৰ ৰোডৰ জৈন গলিৰ বাসিন্দা আছিল। এই ঘটনাৰ পিছত এতিয়া অঞ্চলটোত শোকৰ ছাঁ পৰিছে।