চিৰাং, সংবাদ ৩৬৫, ১৬ অক্টোবৰ : চিৰাং জিলাৰ আমগুৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ কয়লাময়লাত সেনা-আৰক্ষীয়ে বিশেষ সুত্ৰে পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই শুকান টাক্লাই অঞ্চলত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

সন্দেহ কৰা হৈছে যে নিষিদ্ধ উগ্ৰপন্থী সংগঠন এন ডি এফ বি (ছা)ৰ আছিল পুতি থোৱা এই সমুহ মাৰনাস্ত্ৰ । বুধবাৰে দিনৰ ১০ বজাৰ পৰা সেনা-আৰক্ষীৰ দলে গোপন তথ্যৰ ভিত্তিত অভিযান চলাইছিল পুতি থোৱা মাৰণাস্ত্ৰৰ সন্ধানত । ইয়াৰ পিচতে সীমান্তৰ মাউৰীয়া অঞ্চলৰ লগতে কেইবাঠাইতো অভিযান চলোৱাৰ পিচত এঠাইত প্লাষ্টিকেৰে মেৰিয়াই পুতি থোৱা সন্দেহজনক সামগ্ৰী উদ্ধাৰ হয় ।

উক্ত সামগ্ৰীখিনি ভালদৰে পৰীক্ষা কৰাত ৭.৬২ এ কে চিৰিজৰ সজিৱ গুলি ১০১ টা,  ৫.৫৬ সজিৱ গুলি ৮ টা,৭.৬২ স্নিপাৰ সজিৱ গুলি ৩ টা,গুলিৰ খালি বাকলি ২ টা, ক্ৰুড বোমা ২ টা, চাইনিজ গ্ৰেনেড ১ টা,৩৬ৰ গ্ৰেনেড এটা, তাৰৰ সৈতে বৈদ্যুতিক ডিটনেটৰ ১০ টা উদ্ধাৰ হয় ।