নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৭ অক্টোবৰ : অযোধ্যাৰ ভূমি বিবাদক লৈ উচ্চতম ন্যায়ালয়ত মুঠ ৪০ দিন ধৰি চলি থকা শুনানি বুধবাৰে সম্পূৰ্ণ হয়। উচ্চতম ন্যায়ালয়ৰ সংবিধান পীঠে বৃহস্পতিবাৰে পুনৰ একত্ৰিত হ’ব।

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে এলাহাবাদ উচ্চ ন্যায়ালয়ে ২০১০ চনৰ ছেপ্টেম্বৰত দিয়া ৰায়ৰ বিৰুদ্ধে দাখিল হোৱা আবেদনৰ ওপৰত ৬ আগষ্টৰ পৰা দৈনিক শুনানি গ্ৰহণ কৰে।

৪০ দিন ধৰি চলিল এই গোচৰৰ শুনানি। বিভিন্ন পক্ষই নিজৰ নিজৰ মতামত দাখিল কৰে ন্যায়ালয়ত।

ইফালে অযোধ্যাৰ ভূমি বিবাদক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী মন্ত্ৰী অমিত শ্বাহে কয় যে– উচ্চতম ন্যায়ালয়ে যি ৰায় দিব সেয়া দুয়ো পক্ষই মানি ল’ব।

ইয়াৰোপৰি উক্ত ৰায়ৰ পিছতে বিষয়টোৰ সমাধান হ’ব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।