গোৱালপাৰা

২ জুলাই

 

উজনিৰ পৰা নামনিলৈকে বানৰ তাণ্ডৱ। ৰাজ্যৰ কেইবাখনো জিলাৰ ৰাইজ বৰ্তমানেও ককবকাই আছে বাঢ়নী পানীত। গোৱালপাৰা জিলাতো অপৰিবৰ্তিত অৱস্থাত আছে বান পৰিস্থিতি। বানাক্ৰান্তৰ মাজত হাহাকাৰ, কুম্ভকুৰ্ণ নিদ্ৰাত চৰকাৰ, বিধায়ক কিম্বা জিলা প্ৰশাসন।

ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও গোৱালপাৰা জিলাত এতিয়াও অপৰিবৰ্তিত অৱস্থাত আছে বান পৰিস্থিতি। বছৰৰ প্ৰথমটো বানে বিধ্বস্ত কৰা জিলাখনত দ্বিতীয়টো বানেও কালৰূপ ধাৰণ কৰিছে। বাঢ়নী পানীৰ মাজত ঘৰখন এৰি বহু বানাক্ৰান্ত ৰাইজে বিভিন্ন নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ বাধ্য হৈছে যদিও এতিয়াও জিলাখনৰ কিছুমান বান প্ৰভাৱিত ভিতৰুৱা অঞ্চলত বহু লোক বাঢ়নী পানীৰ মাজত ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে বুলি জবিন পৰা গৈছে। ইয়াৰ মাজতে অতিকৈ পৰিতাপৰ বিষয় হ’ল ৰাইজৰ এনে এক অৱস্থাৰ পিছতো কোনো চৰকাৰী বিষয়া, বিধায়ক কিম্বা জিলা প্ৰশাসনে বানাক্ৰান্ত ৰাইজৰ খবৰ ল’বলৈ সময় পোৱা নাই।

দুৰ্যোগৰ এই সময়ত মানৱতাৰ পৰিচয় দি বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিলে গোৱালপাৰা জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আমিনুল হকে। বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশা দেখি গোৱালপাৰা যুৱ ছাত্ৰ নেতা আমিনুল হকে অৰ্ধ শতাধিক পৰিয়ালৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে। গোৱালপাৰা চহৰৰ ভাটিপাৰাৰ শতাধিক পৰিয়ালৰ ঘৰ বানপানীত ডুব যোৱাত ইয়াৰে কিছু সংখ্যক লোকে বিভিন্ন শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে।