চামগুৰিৰ পৰা নাৱজ্যোতি বৰুৱা, সংবাদ ৩৬৫, ২ জুলাই : “ইউ পি এ চৰকাৰৰ দিনত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ মোদী ডাঙৰীয়াই তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিংক ব্যৰ্থ প্ৰধানমন্ত্ৰী বুলি অভিহিত কৰি মনমোহন সিংৰ পদত্যাগৰ দাবী জনাইছিল। এতিয়া মোদী ডাঙৰীয়া পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে, গতিকে মোদী ডাঙৰীয়া পদত্যাগ কৰিব লাগে”: ৰকিবুল হুছেইন

এফালে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাই আছে, আৰু আনফালে ভাৰতত প্ৰতিদিনে বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য। মহামাৰী কৰ’ণা ভাইৰাছে দেশবাসীক জুৰুলা কৰাৰ সময়তে পেট্ৰ’ল-ডিজেলৰ অস্বভাৱিক মূল্যবৃদ্ধিয়ে আৰু অধিক মাধমাৰ সুধাইছে দেশবাসীক। পেট্ৰ’ল-ডিজেলৰ এই অস্বাভাৱিক মূল্যবৃদ্ধি নিয়ন্ত্ৰণত কেন্দ্ৰ চৰকাৰৰ ব্যৰ্থতাক কেন্দ্ৰ কৰি বিৰোধী দল সমূহে প্ৰতিদিনে সাব্যস্ত কৰি আছে প্ৰতিবাদ। বৃহস্পতিবাৰে কংগ্ৰেছ নেতা তথা বিধায়ক ৰকিবুল হুছেইনৰ নেতৃত্বত নগাঁও জিলা কংগ্ৰেছে চামগুৰি বাজিয়াগাঁও উন্নয়ন খণ্ডৰ কাৰ্যকাল প্ৰাংগণত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰী কংগ্ৰেছ কর্মী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি অতি শীঘ্ৰে পেট্ৰ’ল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণলৈ আনিবলৈ কেন্দ্ৰ চৰকাৰক দাবী জনায়। বিধায়ক ৰকিবুল হুছেইনে প্ৰতিদিনে বৃদ্ধি পোৱা পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় “ইউ পি এ চৰকাৰৰ দিনত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ মোদী ডাঙৰীয়াই তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিংক ব্যৰ্থ প্ৰধানমন্ত্ৰী বুলি অভিহিত কৰি মনমোহন সিংৰ পদত্যাগৰ দাবী জনাইছিল। এতিয়া মোদী ডাঙৰীয়া পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে, গতিকে মোদী ডাঙৰীয়া পদত্যাগ কৰিব লাগে”।

বিধায়ক গৰাকীয়ে লগতে কয় যে ৰাজ্যৰ বিজেপি চৰকাৰখনে টুলগেট সমূহ খুলিবলৈ অখিল গগৈৰ ওপৰত ধৱৰাবাহিক ভাৱে গোচৰ ৰুজু কৰি গৈছে। কংগ্ৰেছ দলৰ নেতৃত্বত “কা” বিৰোধী শক্তিয়ে ২০২১ চনত ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলিও দাবী জনায় কংগ্ৰেছ নেতা গৰাকীয়ে।