আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১১ ছেপ্টেম্বৰ

গীত কামৰূপাক ৰক্ষণাবেক্ষণ দিবলৈ শিৱসাগৰ জিলা আৰক্ষী-প্ৰশাসন উঠি-পৰি লাগিছে। শিৱসাগৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে সকলো বিষয়া গীত কামৰূপাক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলাই আছে। ১৬ দিন পিছতো গীত কামৰূপাক গ্ৰেপ্তাৰ নকৰাৰ মূলতে আছে ৰাজনীতিকৰণ। শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি উত্থাপন কৰিলে গুৰুত্বৰ অভিযোগ।

শিৱসাগৰ জিলাৰ মহিলাৰ উদ্দেশ্যি কিছুদিন পূৰ্বে গীত কামৰূপা নামৰ এগৰাকী মহিলাই অশ্লীল মন্তব্য কৰাৰ পিছতে সমগ্ৰ ৰাজ্যতে এই মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিশেষকৈ শিৱসাগৰৰ জিলাত গীত কামৰূপা নামৰ মহিলা গৰাকীৰ মন্তব্যৰ পিছতে বিভিন্ন দল-সংগঠন ৰাজপথলৈ ওলাই আহিছিল। শিৱসাগৰৰ দল-সংগঠন সমূহৰ লগতে শিৱসাগৰবাসীয়ে গীত কামৰূপাৰ মন্তব্যৰ বিৰোধিতা কৰি গীত কামৰূপাৰ বিৰুদ্ধে কেইবাটাও এজাহাৰ দাখিল কৰি অতি শীঘ্ৰে শিৱসাগৰৰ মহিলা লৈ অশ্লীল মন্তব্য কৰা মহিলা গৰাকীৰ গ্ৰেপ্তাৰৰ দাবীত ৰাজপথ কঁপাই তুলিছিল। পৰৱৰ্তী সময়ত শিৱসাগৰ আৰক্ষী-প্ৰশাসনে শিৱসাগৰবাসীৰ এজাহাৰৰ ভিত্তিত গীত কামৰূপাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদনা কৰিছিল যদিও আজি ১৬ দিন উকলি যোৱাৰ পিছতো মহিলা গৰাকীৰ বিৰূদ্ধে কোনো ধৰণ ব্যৱস্থা গ্ৰহণ নকৰা ৰাইজ ক্ষোভিত হৈ পৰিছে। শুকুৰবাৰে ইয়াৰে প্ৰতিবাদ পুনৰ ৰাজপথ নামিবলৈ বাধ্য হয় শিৱসাগৰ জিলাৰ যৌথ সংগ্ৰামী মঞ্চ নামৰ এটা সংগঠন।

গীত কামৰূপাৰ গ্ৰেপ্তাৰৰ দাবী জনাই যৌথ সংগ্ৰামী মঞ্চ নামৰ সংগঠনটোৰ সদস্যৰ লগতে প্ৰায় দুই শতাধিক ৰাইজে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলৰ মাজৰে এগৰাকী প্ৰতিবাদকাৰীয়ে গীত কামৰূপা সন্দৰ্ভত শিৱসাগৰ জিলা আৰক্ষী-প্ৰশাসনৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি কয় যে গীত কামৰূপাক ৰক্ষণাবেক্ষণ দিবলৈ শিৱসাগৰ জিলা আৰক্ষী-প্ৰশাসন উঠি-পৰি লাগিছে। শিৱসাগৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে সকলো বিষয়া গীত কামৰূপাক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলাই আছে। ১৬ দিন পিছতো গীত কামৰূপাক গ্ৰেপ্তাৰ নকৰাৰ মূলতে আছে ৰাজনীতিকৰণ। গীত কামৰূপা আৰু সত্যৰঞ্জন বৰাক চৰকাৰী এজেন্ট বুলি অভিহিত কৰি প্ৰতিবাদকাৰী জনে কয় চৰকাৰে এই দুজন ব্যক্তিক অসমৰ বিভিন্ন প্ৰান্তত ধর্মীয় মেৰুকৰণৰ ৰাজনীতিৰ বাবে ৰাইজৰ মাজত বিভাজন কৰিবলৈ এৰি দিছে।

প্ৰতিবাদকাৰী সকলৰ মাজৰে অন্য এগৰাকী প্ৰতিবাদকাৰীয়ে কয় যে অসমৰ আইন-প্ৰশাসন বিজেপি আৰু আৰ এছ এছৰ দ্বাৰা পৰিচালিত হয়। প্ৰতিবাদকাৰী গৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালকো তীব্ৰ সমালোচনা কৰি কয় যে অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়ন আৰু শান্তি সম্প্ৰীতিৰ কথা কোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকৃততে শান্তি সম্প্ৰীতি নিবিচাৰে। যদি মুখ্যমন্ত্ৰী গৰাকীয়ে শান্তি সম্প্ৰীতি বিচাৰিলে হয় তেন্তে সমাজত ধৰ্মৰ নামত অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা সত্যৰঞ্জৰ বৰাক মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিলে হয়। বিজেপিয়ে মহিলাৰ উন্নয়নৰ কথা কয় যদিও মহিলাক উদ্দেশ্যি অশ্লীল মন্তব্য কৰা গীত কামৰূপাৰ দৰে মহিলাক বিজেপিয়ে নাকী লগাব নোৱাৰে বুলিও মন্তব্য কৰি বিজেপি দলক তুলাধূনা দিয়ে প্ৰতিবাদকাৰী গৰাকীয়ে।

আনহাতে মহিলা প্ৰতিবাদকাৰী এগৰাকীয়ে কয় যে বিগত ১৬ দিনে আমি শিৱসাগৰ আৰক্ষী অধীক্ষক গৰাকীক শিৱসাগৰৰ মহিলাকলৈ অশ্লীল মন্তব্য প্ৰদান কৰা গীত কামৰূপা আৰু সমাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই আহিছো যদিও আৰক্ষী অধীক্ষক গৰাকীয়ে আমাৰ দাবীক আওকাণ কৰি আহিছে। আমি আজি পুনৰ ৰাজপথলৈ ওলাই আহিছো আৰু পুনৰ দাবী জনাইছে গীত কামৰূপা আৰু সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰি শিৱসাগৰলৈ আনৰ। আমাৰ দাবী যদি অতি শীঘ্ৰে শিৱসাগৰ আৰক্ষী অধীক্ষক গৰাকীয়ে পূৰণ নকৰে তেন্তে পৰৱৰ্তী সময়ত আমি আন্দোলন অধিক ভয়াবহ কৰি তুলিম বুলিও হুংকাৰ দিয়ে মহিলা প্ৰতিবাদকাৰী গৰাকীয়ে।