আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ 

১৩ ছেপ্টেম্বৰ

শিৱসাগৰত উজনি অসম মুছলিম কল্যান পৰিষদৰ সংবাদ মেল। উজনিত চৰকাৰৰ খিলঞ্জীয়া মুছলমান বিৰোধী স্থিতি, বিজেপিয়ে প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি সত্যৰঞ্জন বৰা আৰু গীত কামকুপাৰ বিৰুদ্ধে সৰৱ হৈ উঠে পৰিষদ।

শিৱসাগৰত উজনি অসম মুছলিম কল্যান পৰিষদে এক সংবাদমেল অনুষ্ঠিত কৰি উজনিত চৰকাৰৰ খিলঞ্জীয়া মুছলমান বিৰোধী স্থিতি, বিজেপিয়ে প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি সত্যৰঞ্জন বৰা আৰু গীত কামকুপাৰ বিৰুদ্ধে সৰৱ হৈ উঠে পৰিষদ। সংগঠনৰ মুখ্য উপদেষ্টা মেহদি আলম বড়াই শিৱসাগৰ জিলা উজনি অসম মুছলিম কল্যান পৰিষদৰ কাৰ্যালয়ত সংবাদমেলখন সম্বোধন কৰি শাসনাধিস্থ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় বিগত দিন বোৰত খিলঞ্জীয়া মুছলমান সকলক চৰকাৰে প্রতাৰণা আৰু প্ৰৱঞ্চনা কৰি আহিছে।চৰকাৰখনক সমালোচনা কৰি সংগঠনৰ মুখ্য উপদেষ্টা মেহদি আলম বড়াই কয় পৰিৱর্তনৰ বাবে শাসনলৈ অনা চৰকাৰখনে কেৱল খিলঞ্জীয়া মুছলমানে নহয়, অসমৰ সকলো জাতি জনগোষ্ঠীক অৱহেলা কৰি আহিছে। আজিলৈকে ৰাজনৈতিক, আর্থিক, সামাজিকভাৱে পিছপৰা খিলঞ্জীয়া মুছলমান সকলৰ জৰীপৰ বাবে ১০০ কোটি টকা ধাৰ্য্য কৰিও জৰীপ সম্পন্ন নকৰিলে চৰকাৰখনে। আজানপীৰ কলাক্ষেত্ৰৰ ১০০ কোটি টকাৰ আৱন্টনৰ দাৱী আজিলৈ পূৰ্ণ নহ’ল। কংগ্ৰেছ চৰকাৰৰ দিনত কাম আগবঢ়া উচ্চ সদন গঠন প্ৰক্ৰিয়া এইখন চৰকাৰে স্থবিৰ কৰি দিলে বুলিও মন্তব্য কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে মেহদি আলম বড়াই। উজনি অসম মুছলিম কল্যান পৰিষদে কৃষক নেতা অখিল গগৈৰ গ্ৰেপ্তাৰ সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু অবৈধ বুলি প্ৰকাশ কৰি আগন্তক ২০২১ চনৰ বিধানসভা নির্বাচনত অসমীয়া জাতি, সমাজক সুৰক্ষিত কৰা আঞ্চলিকতাবাদ সম্পন্ন দলক খিলঞ্জীয়া মুছলমানে সমর্থন কৰিব বুলি সংগঠনটোৱে স্পষ্ট কৰি দিয়ে। পৰিষদে লগতে কৃষক নেতা অখিল গগৈক অতি শীঘ্ৰে মুক্তি দিয়াৰ দাবীও উত্থাপন কৰে। সংবাদমেলত উজনি অসম মুছলিম কল্যান পৰিষদৰ সভাপতি ছৌকত লতিফৰ লগতে কেইবাগৰাকী নেতা উপস্থিত থাকে।

আনহাতে সত্যৰঞ্জন বৰা আৰু গীত কামৰূপাই শিৱসাগৰৰ বিষয়ে কৰা বিৰোপ মন্তব্যৰ ঘোৰ বিৰোধীতা কৰাৰ লগতে শিৱসাগৰৰ নাৰী সমাজ, সংবাদ মাধ্যম তথা দল সংগঠনক সাঙুৰি সামাজিক মাধ্যমত অশ্লীল আৰু ভিতিহীন উদ্দেশ্য প্রণেতাক শীঘ্ৰে আটক কৰিবলৈ দাবী জনাইছে। সত্যৰঞ্জত বৰা আৰু গীত কামৰূপাৰ বিৰুদ্ধে ২৪ খনকৈ এজাহাৰ দাখিল হোৱাৰ পিছতো জিলা প্ৰশাসন নিশ্চুপ হৈ থকা বিষয়টোৱে কোনো ৰাজনৈতিক শক্তিৰ হাতত চালিত হৈ থকাৰ উমান পোৱা গৈছে বুলি অভিযোগ কৰে মেহদি আলম বড়াই।