কুন্দন ভৰালী

নগাঁও

২৯ ছেপ্টেম্বৰ

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিৰ এটা পৰিয়ালৰ দুদৰ্শা। অচিন ৰোগত আক্ৰান্ত পৰিয়ালটোৰ একমাত্ৰ উপার্জনকাৰী। চিকিৎসাৰ বাবে পৰিয়ালটোৱে সহায় বিচাৰিছে হৃদয়বান লোকৰ পৰা।

মহাসংকটত পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ গৃহ সমষ্টিৰ এটা অতি দৰিদ্ৰ পৰিয়াল। প্ৰফুল্ল কুমাৰ মহন্তই প্ৰতিনিধিত্ব কৰা বঢ়মপুৰ সমষ্টিৰ ম’হখুলিৰ এমৰাজুল হক বিগত ছমাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ বিছনাতে পৰি আছে। অতি দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপার্জনকাৰী এমৰাজুল হক বিগত ছমাহে বিছনাত পৰি থাকিবলগীয়া হোৱাত বন্ধ হৈ পৰিছে পৰিয়ালটোৰ উপাৰ্জন পথ। পৰিয়ালৰ একমাত্ৰ উপার্জনকাৰী বিছনাত পৰি থকাত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালটোৰ বাবে। তীব্ৰ অৰ্থ সংকটত ভোগা পৰিয়ালটোৰ হাতত পৰিয়ালটোৰ একমাত্ৰ উপার্জনকাৰী জনৰ চিকিৎসাৰ বাবেই নাই হাতত এটকাও। পৰিয়ালটোক স্থানীয় একাংশই কিছু বৰঙণি আগবঢ়াইছে যদিও সেয়াও পৰ্যপ্ত নোহোৱাত এমৰাজুল হকৰ চিকিৎসাৰ ক্ষেত্ৰত থমকি ৰবলগীয়া হৈছে পৰিয়ালটো।

সংকটৰ এই সময়তো এই পৰ্যন্ত পৰিয়ালটোৰ খবৰ ল’বলৈ আহৰি নাই স্থানীয় বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। অসহায় পৰিয়ালটোৰ একমাত্ৰ উপার্জনকাৰী জনৰ চিকিৎসাৰ বাবে সহায় বিচাৰি চৰকাৰক তথা অসমবাসী ৰাইজলৈ অনুৰোধ জনাইছে অঞ্চলটোৰ স্থানীয় ৰাইজে।