মঙলদৈ 

১৫ ফেব্ৰুৱাৰী

ৰাজ্যখনত দক্ষতা বিকাশৰ যাত্ৰাত এক নতুন দিশৰ সূচনা কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে সোমবাৰে দৰং জিলাৰ মঙলদৈত পূব ভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰে। প্রায় ১ হাজাৰ কোটি টকা ব্যয়ৰে ২৫০ বিঘা ভুমি সামৰি স্থাপন হ’বলগীয়া অসম দক্ষতা বিশ্ববিদ্যালয়ে ১০ হাজাৰৰাে অধিক ছাত্র-ছাত্রীক ১২ টা পৃথক শাখাৰ দক্ষতা বিকাশৰ পাঠ্যক্রম প্রদান কৰিব। ২০২৬ চনৰ ভিতৰত নির্মাণ কার্য সম্পূর্ণ হ’বলগীয়া এই বিশ্ববিদ্যালয়ত ছিংগাপুৰ, জার্মানী, টাইবান, দক্ষিণ কোৰিয়া, ইজৰাইল, জাপান, ইংলেণ্ড আদিৰ দৰে দেশৰ বিভিন্ন দক্ষতা বিকাশৰ প্রতিষ্ঠানৰ বিনিময় অংশীদাৰিত্বৰ বাবে ৰাজ্য চৰকাৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ পদক্ষেপ লৈ আছে। আন্তঃৰাষ্ট্ৰীয় স্তৰৰ এনে উন্নত প্রতিষ্ঠান তথা বিশ্বৰ শীর্ষস্থানীয় প্রযুক্তি কোম্পানীসমুহৰ সৈতে থকা এনে সহযােগিতাই বিশ্ববিদ্যালয়খনৰ প্ৰশিক্ষণৰ মান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰি তুলিব আৰু মানসম্পন্ন বৃত্তিমুখী শিক্ষা প্রদানেৰে ভাৰতৰ উপৰি বিভিন্ন ঠাইত নিয়ােজনৰ সুবিধা বৃদ্ধি কৰিব।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱালে এনে এখন বিশ্বমানৰ বৃত্তিমুখী প্রতিষ্ঠান মঙলদৈত স্থাপন হােৱাৰ বাবে মঙলদৈ তথা সমগ্ৰ দৰংবাসীক অভিনন্দন জনােৱাৰ উপৰি তেওঁলােক যথেষ্ট সৌভাগ্যবান বুলিও কয়। যিকোনাে ভাল প্রতিষ্ঠান স্থাপনৰ বাবে অসমৰ ৩৪ খন জিলাৰ কোনখন জিলা উপযুক্ত হ’ব সেইটো বিচাৰ বিবেচনা কৰােতে চৰকাৰে চিন্তা কৰিবলগীয়া হয়। যদিও মঙলদৈ লােকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক গুৰুজ্যোতি দাস আৰু বিনন্দ শইকীয়াৰ অক্লান্ত প্রচেষ্টাত এই প্রতিষ্ঠানখন ইয়াত স্থাপন কৰাৰ সিদ্ধান্ত লােৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। বিশ্বমানৰ এই প্রতিষ্ঠানখনে মঙলদৈক এক সুকীয়া পৰিচিতি প্রদান কৰিব বুলি উল্লেখ কৰি এই প্রতিষ্ঠানখন স্থাপনৰ দিশত সকলাে ধৰণৰ সহায়-সহযােগিতা অভিভাৱকৰ দৰে আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে স্থানীয় জনসাধাৰণক আহ্বান জনায়। বিজ্ঞান আৰু প্ৰযুক্তিৰ এই একবিংশ শতিকাত নিজৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিব লাগিলে উঠি অহা প্ৰজন্মক দক্ষ আৰু যােগ্য কৰি তুলিব লাগিব বুলি উল্লেখ কৰি এই দিশটোৰ প্রতি লক্ষ্য ৰাখিয়েই ২০১৬ চনত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে শাসনভাৰ লােৱাৰে পৰা ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত উচ্চ শিক্ষাৰ প্রতিষ্ঠান গঢ়াৰ বাবে নিৰন্তৰ প্রয়াস অব্যাহত ৰাখিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। বৰ্তমানৰ চৰকাৰখনে শাসনভাৰ লােৱাৰে পৰা ৰাজ্যখনত কেইবাখনাে চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়, পলিটেকনিক প্রতিষ্ঠান গঢ় দিয়াৰ প্রয়াস চলােৱাৰ লগতে বিভিন্ন বিশ্ববিদ্যালয় স্থাপনৰ বাবে পদক্ষেপ লৈছে। নৱ প্ৰজন্মই যাতে ৰাজ্যখনৰ ভিতৰতে বিভিন্ন ক্ষেত্ৰৰ উচ্চ শিক্ষা লাভ কৰি নিজকে যােগ্য আৰু দক্ষ কৰি তুলিব পাৰে সেই লক্ষ্য আগত ৰাখিয়েই এনেধৰণৰ শক্তিশালী পদক্ষেপ লােৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই প্রতিষ্ঠানসমূহত যাতে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মেধা আৰু যােগ্যতাৰে অন্তর্ভূক্ত হৈ জাকত। জিলিকা হৈ ওলাই আহিব পাৰে তাৰ বাবে সৰুৰে পৰা ছাত্র-ছাত্রীসকলক অধ্যয়নৰ প্ৰতি ধাউতি বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পিতৃ-মাতৃ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক আহ্বান জনায়। চৰকাৰে কেৱল আন্তঃগাঁথনিহে সৃষ্টি কৰিব পাৰে, কিন্তু এই প্রতিষ্ঠানত অধ্যয়নৰ বাবে যােগ্যতা আহৰণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্রাণিত কৰাৰ দায়িত্ব কেৱল পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰীসকলেহে ল’ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ ‘এক্ট ইষ্ট পলিচী’ৰ দৰে বৈদেশিক নীতি ৰূপায়ণৰ পদক্ষেপে সমগ্র উত্তৰ-পূর্বাঞ্চলকে দক্ষিণ-পূর্ব এছিয়াৰ দেশসমুহৰ সৈতে বিভিন্ন দিশত সম্পর্ক স্থাপনৰ সুযােগ প্রদান কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আমাৰ মানৱ সম্পদৰ চাহিদা বৃদ্ধি কৰিব লাগিলে আমি ছাত্র-ছাত্রীসকলৰ দক্ষতা বৃদ্ধি গুৰুত্ব আৰােপ কৰিব লাগিব। ইয়াৰ বাবে চৰকাৰে দক্ষতা বিশ্ববিদ্যালয়, ক্রীড়া বিশ্ববিদ্যালয়, সাংস্কৃতিক বিশ্ববিদ্যালয় ইত্যাদিৰ দৰে অগতানুগতিক শিক্ষা প্রতিষ্ঠান গঢ়াৰ কামত নিষ্ঠাসহকাৰে পদক্ষেপ লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে পুৰ্বৰ চৰকাৰৰ কাৰ্যকালত এইবােৰ কাম সম্ভৱ হৈ উঠা নাছিল বুলি উল্লেখ কৰি পূৰ্বৰ চৰকাৰে ৰাইজৰ প্ৰতি বা সমাজৰ প্রতি শ্রদ্ধা-ভক্তি ৰাখি কাম কৰাৰ পৰিৱর্তে কেবল ন্যস্ত স্বার্থ সিদ্ধিৰ বাবেহে কাম কৰিছিল বুলি তেওঁ কয়। ইয়াৰ পৰিৱর্তে সমাজখনক সামগ্রিকভাৱে আগুৱাই নিয়াৰ বাবে বৰ্তমানৰ চৰকাৰখনে নিষ্ঠাৰে কৰ্মত অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰি বৰ্তমানৰ চৰকাৰখনে ৰাইজক নিজৰ অভিভাবক হিচাপে গণ্য কৰি কৰ্মত অগ্ৰসৰ হৈছে বুলি তেওঁ কয়। বৰ্তমানৰ চৰকাৰখন সম্পূৰূপে ৰাইজৰ চৰকাৰ বুলি উল্লেখ কৰি ৰাইজে বেজাৰ পােৱা কোনাে কাম এইখন চৰকাৰে কৰা নাই আৰু ভবিষ্যতেও নকৰে বুলি তেওঁ কয়। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জিলিকাব লুইতৰে পাৰ’ শীর্ষক গীতৰ অনুপ্রেৰণাৰে অসমৰ নৱপ্ৰজন্মই লুইতৰ পাৰ জিলিকোৱাৰ সপােন বাস্তৱায়িত কৰাৰ দিশত নিষ্ঠাসহকাৰে অগ্ৰসৰ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে।

অনুষ্ঠানত ভাষণ প্রদান কৰি উদ্যোগ আৰু বাণিজ্য তথা দক্ষতা, নিয়ােগ আৰু উদ্যমিতা বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে আজিৰ দিনটোক অসমৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিত কৰে। আজিৰ দিনটোতে উত্তৰ-পূবৰ প্ৰথম আৰু ভাৰতৰ তৃতীয়খন এনেধৰণৰ প্রতিষ্ঠান হিচাপে মঙলদৈত সম্পূর্ণ ব্যতিক্রমী পাঠ্যক্ৰমেৰে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই বিশ্ববিদ্যালয়খনে কেৱল মাত্র অসমৰে নহয়, বিশ্বৰ ভিতৰতে এক উল্লেখযােগ্য বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হ’ব বুলি উল্লেখ কৰি ইয়াৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন বিদেশী কোম্পানীৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে বুলি তেওঁ কয়। এই বিশ্ববিদ্যালয়খনৰ জৰিয়তে মঙলদৈয়ে আন্তঃৰাষ্ট্ৰীয় আকর্ষণৰ কেন্দ্রবিন্দু হিচাপে পৰিগণিত হ’ব বুলি তেওঁ উল্লেখ কৰে। ভাষণ প্রসংগত মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত জাপানৰ ৰাষ্ট্রদূত, ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সৈতে অসমত জেটু’ চিটি স্থাপনৰ পদক্ষেপ সম্পর্কে আলােচনা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। অনুষ্ঠানত ভাষণ প্রদান কৰি মঙলদৈ লােকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই মঙলদৈত এই উন্নতমানৰ প্রতিষ্ঠানখন স্থাপনৰ সিদ্ধান্ত লােৱা বাবে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱর্তনৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে বিভিন্ন ক্ষেত্ৰত যি প্রচেষ্টা চলাইছে, অসম দক্ষতা বিশ্ববিদ্যালয়খন এই দিশত এক অন্যতম মাইলৰ খুটি হিচাপে বিবেচিত হ’ব বুলিও তেওঁ কয়। অসমৰ নিবনুৱা সমস্যা সমাধানৰ দিশত এই বিশ্ববিদ্যালয়খনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলিও তেওঁ কয়। অনুষ্ঠানত ভাষণ প্রদান কৰি স্থানীয় বিধায়ক গুৰুজ্যোতি দাসে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ভয়াবহ বানপানী তথা কৰ’ণাৰ দৰে মহামাৰীৰ মাজতাে উন্নয়নী যাত্রা অব্যাহত ৰাখি ৰাইজৰ প্ৰতি যি দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছে, ইয়াৰ ফলশ্রুতিতে মঙলদৈয়ে দ্রুত উন্নয়নৰ খোজেৰে আগবাঢ়িব পাৰিছে। ভাষণ প্রসংগত তেওঁ বৰ্তমানৰ চৰকাৰখনে লােৱা উন্নয়নী পদক্ষেপে মঙলদৈ ১০ বছৰলৈ আগুৱাই নিলে বুলিও কয়। এই প্রসংগত তেওঁ মঙলদৈত কৰ্কট ৰােগৰ হাস্পতাল স্থাপনৰ পদক্ষেপ, মঙলদৈ অসামৰিক চিকিৎসালয়ত আই চি ইউৰ ব্যৱস্থা, মঙলদৈত কন্যা মহাবিদ্যালয় স্থাপনৰ পদক্ষেপ আৰু মঙলদৈ মহাবিদ্যালয়ত বি এড়ৰ পাঠ্যক্রম প্রবর্তনৰ পদক্ষেপ ইত্যাদিৰ কথা উল্লেখ কৰে। ভাষণ প্রসংগত তেওঁ মঙলদৈত দক্ষতা বিশ্ববিদ্যালয় স্থাপনৰ পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰীৰ শলাগ লয়।

অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়াইও ভাষণ প্রদান কৰে। দক্ষতা, নিয়ােগ আৰু উদ্যমিতা বিভাগৰ প্ৰধান সচিব ডাঃ কে কে দ্বিবেদীয়ে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত অসম দক্ষতা উন্নয়ন অভিযানৰ অভিযান সঞ্চালক তথা অসম দক্ষতা বিশ্ববিদ্যালয় প্রকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া আনন্দ প্রকাশ তিৱাৰী, দক্ষতা নিয়ােগ আৰু উদ্যমিতা বিভাগৰ সচিব, দৰং জিলাৰ উপায়ুক্ত প্রমুখ্যে বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ওপৰত যুগুতােৱা। এখন তথ্যচিত্রও প্রদর্শন কৰা হয়।