গুৱাহাটী
১৮ মে’
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলাবাৰে অ’ এন জি চিৰ অপহৃত কর্মচাৰী ৰিতুল শইকীয়াৰ যােৰহাট জিলাৰ তিতাবৰৰ বৰহােলাৰ নাঙলগাঁৱস্থিত গৃহলৈ গৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে। সাক্ষাৎ কালত ৰিতুল শইকীয়াৰ পিতৃ-মাতৃ আৰু সহধর্মিনীৰ সৈতে বার্তালাপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অপহৃত কর্মচাৰীগৰাকীক নিৰাপদে ঘৰলৈ ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে সকলাে ধৰণৰ প্ৰয়াস অব্যাহত ৰাখিছে। সাক্ষাৎ কালত মুখ্যমন্ত্ৰীৰ লগত সাংসদসকল ক্রমে কামাখ্যা প্রসাদ তাছা, পল্লৱ লােচন দাস আৰু তপন গগৈৰ লগতে স্থানীয় বিধায়ক ভাস্কৰজ্যোতি বৰুৱাও উপস্থিত থাকে।
ইয়াৰ পিছত সাংবাদিকৰ সৈতে হােৱা কথােপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি ৰিতুল শইকীয়া বর্তমান ভাৰত-ম্যানমাৰ সীমান্তত ম্যানমাৰৰ ভূমিত আছে। তেওঁ বর্তমান সুস্বাস্থ্যৰে আছে। তেওঁক সোঁ-শৰীৰে তথা নিৰাপদে ওভতাই অনাৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস চলাই আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়। আলফাৰ যুদ্ধবিৰতিৰ সম্পৰ্কত সাংবাদিকে সােধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে যুদ্ধবিৰতিক এক ইতিবাচক দিশ বুলি বিবেচনা কৰিব পাৰি।
আলফাৰ পৰা আনুষ্ঠানিকভাৱে যুদ্ধবিৰতিৰ প্ৰস্তাৱ আহিলে চৰকাৰে ইতিবাচক দৃষ্টিভংগীৰে বিবেচনা কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যুদ্ধবিৰতিৰ পৰৱর্তী পর্যায়ত কোনসমূহ বিষয় আলােচনা কৰা উচিত আৰু আলােচনাৰ কোনখিনি কথা মানিব পাৰি অথবা নােৱাৰি সেই বিষয়সমূহ আহি পৰিব। আমাৰ সকলােৰে সীমাবদ্ধতাক সন্মান জনাই যদি আলােচনাৰ দুৱাৰ মুকলি কৰিব পৰা যায় তেতিয়া হ’লে জাতিটোৱে এক নতুন জীৱন লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
পৰেশ বৰুৱাক আলােচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ মানুহে এই আলােচনা একান্তমনে কামনা কৰিছে। টিংৰাইৰ ঘটনা অথবা ৰিতুল শইকীয়াৰ দৰে ঘটনা সংঘটিত হােৱাটো অসমৰ জনসাধাৰণে কেতিয়াও নিবিচাৰে। মুখ্যমন্ত্ৰীয়ে কয় যে আলফাই চৰকাৰৰ লগত আলােচনা কৰি যুদ্ধবিৰতি ঘােষণা কৰা নাই। যুদ্ধবিৰতি আগুৱাই নিব লাগিলে গ্রাউণ্ড ৰুল প্রস্তুত কৰিব লাগিব। আলফাই গ্রাউণ্ড ৰুল প্রস্তুত কৰি আলােচনালৈ আহিব বিচাৰিলে চৰকাৰে আলােচনাৰ দুৱাৰ মুকলি ৰাখিব। যুদ্ধবিৰতি ঘােষণাত কিছু হলেও আশাৰ কিৰণ লুকাই আছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।