নলবাৰী : নলবাৰী জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এজন যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হৈছে ৰে’ল লাইনৰ সমীপত। যুৱকজনক হত্যা কৰি ৰে’ল লাইনত পেলাই দিয়াৰ অভিযোগ যুৱকজনৰ পৰিয়ালৰ লোকৰ।

সোমবাৰে নলবাৰী জিলাৰ কৈঠালকুছিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে। টুটুমনি বৰ্মন নামৰ এজন ২৯ বছৰীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ হয় কৈঠালকুছি ৰে’ল ষ্টেচনৰ সমীপত। যুৱকজনৰ মৃতদেহ ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হোৱাত যুৱকজনৰ পৰিয়ালৰ লোকৰ যুৱকজনক ড্ৰাগছ আসক্ত সতীৰ্থই হত্যা কৰি ৰে’ল লাইনত পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

মৃত ২৯ বছৰীয়া টুটুমনি বৰ্মন নামৰ যুৱকজন পেছাত এজন গাড়ী চালক। ৰে’ল লাইনৰ কাষত মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পাই ঘটনাস্থলীত টিহু আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ইফালে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছ আসক্তৰ সংখ্যা ভয়াবহভাৱে বৃদ্ধি পোৱা বুলি একাংশ লোকে জানিবলৈ দিয়ে।