মানকাচৰ : মানকাচৰৰ কঠালবাৰীত বিধৱা মহিলাৰ ঘৰত অগ্নিকাণ্ড। অগ্নিকাণ্ডত পাঁচ লক্ষাধিক টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত। দুস্কৃতিকাৰীয়ে বিধৱা মহিলাৰ ঘৰত অগ্নিসংযোগ কৰাৰ সন্দেহ। বিধৱা মহিলাৰ ঘৰত অগ্নি সংযোগ কৰাৰ সন্দেহত কেইবাজনো লোকৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত কঠালবাৰী গাঁৱত শুকুৰবাৰে পুৱতি নিশা এগৰাকী বিধৱা মহিলাৰ ঘৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডত বিধৱা মহিলা গৰাকীৰ প্ৰায় পাঁচ লক্ষাধিক টকাৰ সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। কোনো দুস্কৃতিকাৰীয়ে মহিলা গৰাকীৰ ঘৰত অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে মহিলা গৰাকীয়ে। এই সন্দৰ্ভত দুৰ্ভগীয়া বিধৱা মহিলা গৰাকীয়ে মানকাচৰ থানাত এজাহাৰ দাখিল কৰিছে।

গাঁৱখনৰ ময়না খাতুন নামৰ মহিলা গৰাকী ঘৰত কোনো নথকাৰ সুযোগ লৈ দুস্কৃতিকাৰীৰ এটা দলে পুৱতি নিশা প্ৰায় আঢ়ৈ বজাত ঘৰখনত অগ্নিসংযোগ কৰে। ফলত এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডত বিধৱা মহিলা গৰাকীৰ প্ৰায় পাঁচ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়। ঘটনাক লৈ ইতিমধে বিধৱা মহিলা গৰাকী মানকাচৰ থানাত কেইবাজনো লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।