গুৱাহাটী : অসমৰ একেৰাহে তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, বলিষ্ঠ কংগ্ৰেছ নেতা, পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকীত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ৰাজ্যজুৰি প্ৰয়াত নেতাগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। ৰাজ্যখনৰ প্ৰতিখন জিলাত প্ৰয়াত নেতাগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে তেখেতৰ বলিষ্ঠ ব্যক্তিত্বক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত পুৱা ১০-৩০ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই।

ইয়াৰ পিছতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকী, ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা, সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ, প্ৰাক্তন সাংসদ বলিন কুলী, প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা আবু চালেহ নাজমুদ্দিন, বিধানসভাৰ মুখ্য সচেতক তথা বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰাক্তন মন্ত্ৰী অকণ বৰা, বিধায়িকা শিখামণি বৰা, বিধায়ক খলিল উদ্দিন মজুমদাৰ, বিধায়ক আব্দুছ চুভাহান আলী সৰকাৰ, বিধায়ক আব্দুৰ ৰহিম আহমেদ অন্যতম সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যকে ধৰি প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন স্তৰৰ শতাধিক নেতা-কৰ্মীয়ে প্ৰয়াত নেতা গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে নাম-প্ৰসংগৰ লগতে বাইবেল, কোৰাণ আৰু গুৰু চাহিব গ্ৰন্থ পাঠ কৰি বৰেণ্য নেতা গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰা হয়।

ইয়াৰ পিছতে নাগাৰা নামৰ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সমূহ নেতৃত্বই অংশগ্ৰহণ কৰে। আনকি সভাপতি ভূপেন কুমাৰ বৰাই স্বয়ং নাগাৰা বজাই নামত ভাগ লয়।বলিষ্ঠ কংগ্ৰেছ নেতা গৰাকীৰ স্মৃতি চাৰণ কৰি দলৰ সভাপতি ভূপেন কুমাৰ বৰা, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, সাংসদ গৌৰৱ গগৈ, বিধায়ক ৱাজেদ আলী চৌধুৰী, প্ৰমুখ্যে নেতাসকলে প্ৰয়াত নেতা তৰুণ গগৈৰ ৰাজনৈতিক জীৱনৰ বৃত্তান্ত, তেখেতৰ জীৱন-দৰ্শন আৰু অসমপ্ৰেমৰ বিষয়ে অৱলোকন কৰে। ৰাজীৱ ভৱনৰ এই কেন্দ্ৰীয় অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰায় সকল নেতাৰ উপৰি এনএছইউআই, যুৱ-কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দলৰ নেতৃত্ব আৰু বিপুল সংখ্যক কৰ্মকৰ্তা উপস্থিত থাকে।